আউনীআটীৰ সত্ৰাধিকাৰে পোনপ্ৰথম বাৰলৈ ব্ৰিটিছ সংসদত প্ৰদান কৰিব ভাষন
মাজুলী, ২৪ এপ্ৰিল (হি.স.)। অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে। ঐতিহাসিক আউনীআটীৰ সত্ৰাধিকাৰগৰাকীয়ে পোনপ্ৰথম বাৰৰ বাবে ব্ৰিটিছ সংসদত ভাষন প্ৰদান কৰিব । অহা জুন মাহত ৮ তাৰিখে ব্ৰিটেইলৈ যাত্ৰা কৰিব সত্ৰাধ
মাজুলী আউনীআটী সত্ৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী। ফাইল ফটো


মাজুলী, ২৪ এপ্ৰিল (হি.স.)। অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে। ঐতিহাসিক আউনীআটীৰ সত্ৰাধিকাৰগৰাকীয়ে পোনপ্ৰথম বাৰৰ বাবে ব্ৰিটিছ সংসদত ভাষন প্ৰদান কৰিব । অহা জুন মাহত ৮ তাৰিখে ব্ৰিটেইলৈ যাত্ৰা কৰিব সত্ৰাধিকাৰ গৰাকীয়ে।

অসমৰ সত্ৰাধিকাৰগৰাকীয়ে ব্ৰিটিছ সংসদত ৬৫ গৰাকী সাংসদৰ সন্মুখত ইংৰাজীত ভাষণ প্ৰদান কৰিব। সত্ৰাধিকাৰ গৰাকীয়ে ব্ৰিটিছ সংসদত অসমৰ কলা-সংস্কৃতি, সত্ৰীয়া নৃত্যৰ, সত্ৰীয়া সংগীত আৰু শ্ৰীমন্তশঙ্কৰদেৱ ওপৰত ভাষণ প্ৰদান কৰিব।

এই সন্দৰ্ভত সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে গৌৰৱান্বিত অনুভৱ কৰিছে । তেওঁ কয় যে আমি অতি ভাগ্য বান কাৰণ এজন সত্ৰাধিকাৰ হিচাপে বিদেশী ৰাষ্ট্ৰত অসমৰ লোকসংকৃতিৰ বিষয় ভাষন দিবলৈ ওলাইছে । ইফালে সত্ৰাধিকাৰ গৰাকীক ব্ৰিটিছ সংসদলৈ নিমন্ত্ৰণ কৰা বিষয়ত মাজুলীবাসী আনন্দিত হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande