গোসাইগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত বজৰং দলৰ জিলা সংযোজক আহত
গোসাইগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত বজৰং দলৰ জিলা সংযোজক আহত ।
গোসাইগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত বজৰং দলৰ জিলা সংযোজক আহত


কোকৰাঝাৰ, ২৪ এপ্ৰিল (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত যোৱা কালি বৃহস্পতিবাৰে বিয়লি দুৰ্বৃত্তৰ আক্ৰমণত বজৰং দলৰ জিলা সংযোজক নাৰায়ন বৈষ্ণৱ আহত হয় । তিনি চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে কোকৰাঝাৰ জিলা সংযোজক নাৰায়ন বৈষ্ণৱে নিজ গৃহৰ সন্মুখত এজনৰ সৈতে কথা পাতি থাকোতে তিনি চাৰি জনীয়া দুৰ্বৃত্তৰ দলে তেওঁক পিছফালৰ পৰা মূৰত আক্ৰমন কৰে। তেজেৰে লুতুৰি পুতুৰি বৈষ্ণৱক আৰক্ষীয়ে গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত লৈ যায়। দিনৰ পোহৰতে বজৰং দলৰ নেতাক আক্ৰমণ কৰাত গোসাইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।দোষীক আটক কৰি কঠোৰ শাস্তিৰ দাবী কৰিছে ভুক্তভোগীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande