
হোজাই, ২৪ এপ্ৰিল (হি.স.)। লামডিঙৰ ৰাষ্ট্ৰীয় ঘাই পথত মৃত্যুৰ কৰিলি ৷ পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী গুৰুত্বৰভাৱে আহত এজন ৷
নিশা লামডিং লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৷ লামডিঙৰ পৰা লংকা অভিমুখে যোৱাৰ পথত এ এছ ৩১ জি ৪১০৩ নম্বৰৰ এখন পালচাৰ বাইকে ৰৈ থকা ট্ৰেইলাৰত প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷
দুৰ্ঘটনাটিত থিতাতে নিহত এগৰাকী বাইক আৰোহী আৰু সংকটজনক অৱস্থাত আন এগৰাকীক লামডিং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ দুয়োগৰাকীৰে পৰিচয় এতিয়ালৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
এই দুৰ্ঘটনাৰ পিছতে কিন্তু কেতবোৰ প্ৰশ্নৰ উত্থাপন হৈছে ৷ কিয় বাৰে বাৰে এইদৰে নিশা ৰৈ থকা বাহনত খুন্দা মাৰি এজনৰ পিছত আনজন আৰোহী নতুবা পথচাৰীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে? নিশাৰ ৰাজপথত কিয় এইদৰে ৰৈ থাকিব লগা হৈ বাহনসমূহ? হাইৱে অথৰিতি তথা আৰক্ষী প্ৰসাশনে কিয়ে এনেবোৰ গাড়ীৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে? এনেসমূহ ঘটনাৰ বাবে আৰক্ষী প্ৰশাসনৰ ওপৰতো ৰাইজে প্ৰশ্ন উত্থাপিত কৰিছে
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা