
হোজাই, ২৪ এপ্ৰিল (হি.স.)। হোজাই জিলাৰ লংকাত চুৰিকাণ্ড। লংকাৰ তিনিখনকৈ বিপনীত নিশা চোৰে সংঘটিত কৰে চুৰি কাণ্ড।
চোৰে এখন গেলামালৰ বিপনী,এখন হাৰ্ডৱেৰ বিপনী আৰু আনখন বাচন বৰ্তনৰ বিপনী সৰ্বমুঠ তিনিখন বিপনীত চোৰে নিশাৰ আন্ধাৰত সংঘটিত কৰে চুৰিকাণ্ড।
লংকা-লামডিং সংযোগী ঘাইপথৰ ৫ নং বাৰ্ডৰ নাগীনা মিলৰ সম্মুখত থকা তিনিখন বিপনীত চোৰে চলাই এই অভিযান।।
ইতিমধ্যেই লংকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ইফালে স্থানীয় লোকে অভিযোগ কৰে যে উক্ত অঞ্চলত ইয়াৰ পূৰ্বেও বহুকেইটা চুৰিৰ ঘটনা সংঘটিত হৈছে। সেয়েহে চোৰক কৰায়ত্ত কৰাৰ লগতে পুনৰ যাতে অনুৰূপ ঘটনা অঞ্চলটোত সংঘটিত হব নোৱাৰে তাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা হাতত লবলৈও আৰক্ষীক আহ্বান জনায় স্থানীয় লোকসকলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা