
বাক্সা, ২৪ এপ্ৰিল(হি.স.)। বাক্সা জিলাৰ মহকুমা সদৰ শালবাৰী স্থিত শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত আয়োজিত ২০ সংখ্যক কমল কুমাৰ ব্ৰহ্ম সোৱৰণী বঁটা প্ৰদান কৰা হয়। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ লাভ কৰা ১৪ গৰাকী শিক্ষাৰ্থীক কমল কুমাৰ ব্ৰহ্ম বঁটা প্ৰদান কৰা হয় ।
এবছুৰ উদ্যোগত আয়োজিত এই ২০ সংখ্যক কমল কুমাৰ ব্ৰহ্ম সোৱৰণী বঁটা প্ৰদান অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যাপক জৌংচাৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সম্পাদক নিল'কান্ত গয়াৰীৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰে। বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে বড়ো সাহিত্য সভাৰ সম্পাদক নিল'কান্ত গয়াৰীয়ে কমল কুমাৰ ব্ৰহ্মৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পূষ্পাঞ্জলি অৰ্পণ কৰে।
বিগত বৰ্ষৰ তুলনাত এইবেলিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ ফলাফল সন্তোষ জনক নহয় ইয়াৰ ওপৰত পৰ্যালোচনা চলি আছে বুলি জানিবলৈ দিয়ে এবছুৰ ভাৰপ্ৰাপ্ত সভাপতি খৌৰমদাও ৱাৰীয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা