ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ক’নাৰ্ক সূৰ্য্য মন্দিৰত বালি আঁতৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ
ভুবনেশ্বৰ, ২৪ এপ্ৰিল (হি.স.)। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগ (এ.এছ.আই)-এ ত্ৰয়োদশ শতিকাৰ কোনাৰ্ক সূৰ্য্য মন্দিৰৰ হলৰ পৰা বালি আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে । বিষয়াসকলৰ মতে, অক্ষয় ত্ৰিতীয়াৰ দিনা সুৰংগ নিৰ্মাণৰ বাবে খনন কাম আৰম্ভ হয়। ইউনেস্ক’ৰ বিশ
कोणार्क सूर्य मंदिर


ভুবনেশ্বৰ, ২৪ এপ্ৰিল (হি.স.)। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগ (এ.এছ.আই)-এ ত্ৰয়োদশ শতিকাৰ কোনাৰ্ক সূৰ্য্য মন্দিৰৰ হলৰ পৰা বালি আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে । বিষয়াসকলৰ মতে, অক্ষয় ত্ৰিতীয়াৰ দিনা সুৰংগ নিৰ্মাণৰ বাবে খনন কাম আৰম্ভ হয়। ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই প্ৰকল্পটো চলোৱা হৈছে।

প্ৰাৰম্ভিক পৰ্যায়ত চাৰিজন দক্ষ শ্ৰমিকে কোনো যন্ত্ৰপাতি নোহোৱাকৈ হাতেৰে খনন কৰি আছে, যাতে গঠনটোৰ কোনো ধৰণৰ ক্ষতি নহয়। চতুৰ্থ দিনলৈকে প্ৰায় ২ ফুট বহল আৰু ৪ ফুট দীঘল খনন কৰা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰিবলৈ এটা বিশেষ দল নিয়োগ কৰা হৈছে, প্ৰতিটো পৰ্যায়তে সঠিকতা আৰু সুৰক্ষা নিশ্চিত কৰা হৈছে।

ঐতিহাসিক তথ্য অনুসৰি ১৯০৩ চনত ব্ৰিটিছ অভিযন্তাসকলে মন্দিৰটো ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ বালিৰে ভৰাইছিল। পশ্চিম দিশৰ পৰা এটা সুৰংগ খান্দি বালিৰে ভৰাই প্ৰথম স্তৰৰ পৰা প্ৰায় ৮০ ফুট ওপৰত অৱস্থিত মন্দিৰৰ হলঘৰটোত সোমাই দিয়া হৈছিল। এই পথটো পিছলৈ শিলৰ বেৰেৰে বন্ধ কৰি দিয়া হৈছিল।

বৰ্তমান মন্দিৰৰ শিলৰ গঠনৰ বিশদ মূল্যায়ন চলি আছে, আৰু দুটা মূল ড্ৰিলিঙৰ পৰিকল্পনা কৰা হৈছে। আই আই টি মাদ্ৰাজে চলোৱা এক অধ্যয়নত দেখা গৈছে যে হলৰ পৰা বালি আঁতৰাই দিলে মন্দিৰৰ গঠনৰ প্ৰতি কোনো ধৰণৰ ভাবুকি নপৰে। এই প্ৰতিবেদনৰ ভিত্তিত প্ৰশাসনে সুৰংগ নিৰ্মাণ আৰু বালি আঁতৰোৱাৰ কাম সযতনে আগবাঢ়িছে, যিটো এই ঐতিহাসিক কীৰ্তিচিহ্নটো সংৰক্ষণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।

ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু প্ৰধান পৰ্যটন স্থলী এই মন্দিৰটোৱে বছৰি লাখ লাখ পৰ্যটকক আকৰ্ষণ কৰে। গংগা বংশৰ প্ৰথম ৰজা লেংগুলা নৰসিংহ দেৱে সূৰ্য্য দেৱতাক পূজা কৰিবলৈ নিৰ্মাণ কৰা এই ৮০০ বছৰীয়া কীৰ্তিচিহ্নটোৱে প্ৰাকৃতিক দুৰ্যোগৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। ঐতিহাসিক তথ্য অনুসৰি প্ৰায় ১২০০ শিল খোদিতকাৰী আৰু শিল্পীয়ে ১৬ বছৰত ক্লৰাইট আৰু বেলেগ বেলেগ শিল ব্যৱহাৰ কৰি মন্দিৰটো নিৰ্মাণ কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande