
গোলাঘাট, ২৪ এপ্ৰিল (হি.স.)। নতুন দিল্লীত জিলিকিল দেৰগাঁৱৰ সন্তান। নতুন দিল্লীত ডাইৰেক্ট অৱ ইডুকেশ্বন, জি এন চি টি অৱ দিল্লীয়ে অনুষ্ঠিত কৰা স্কুল গেমছ ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ ৬৯ তম নেচনেল স্কুল গেমছ ত ব্ৰঞ্জৰ পদক অৰ্জন দেৰগঁঞা সন্তানৰ।
দেৰগাঁৱৰ এক অগ্ৰণী সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰ, দেৰগাঁও ষ্টাৰ স্পৰ্টছ মাৰ্চিয়েল আৰ্টছ একাডেমীৰ মুখ্য প্ৰশিক্ষক ৰঞ্জিত ৰিঙ্কু বৰাৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ভৈৰৱ ৰিঙ্কু বৰা আৰু উজ্জ্বল কুমাৰ দাসে গোলাঘাট জিলাৰ পৰা অসম দলক প্ৰতিনিধিত্ব কৰি কালাৰিপ্যাটু–নেদুভাদিপায়াটু( লং ষ্টাফ ফাইট)ত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক প্ৰাপ্তিৰে অসমৰ লগতে গোলাঘাট জিলা-দেৰগাঁও সম জিলাৰ ক্ৰীড়া ক্ষেত্ৰলৈ সুনাম অৰ্জনে গৌৰৱ কঢ়িয়াই আনে । প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিয়ালবৰ্গৰ লগতে শুভাকাংক্ষী সকল উৎফুল্লিত হৈ পৰিছে এই সফলতাত । দুই পদক প্ৰাপ্তি উদীয়মান খেলুৱৈক প্ৰশিক্ষণ কেন্দ্ৰৰ দেৰগাঁও লঠাগাঁওস্থিত মুখ্য প্ৰশিক্ষণ স্থলীত জনাই অভিনন্দন ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা