
বৰপেটা, ২৪ এপ্ৰিল (হি.স.): বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিভিন্ন প্ৰান্তত ভেকোঁভাওনাত পৰিণত হৈছে জল জীৱন মিছনৰ পানী যোগান আঁচনি। সমষ্টিটোৰ পাঠিমাৰী ১ নং খণ্ডৰ পানী যোগান আঁচনিটোৰ আজি তিনি বছৰে সম্পূৰ্ণ নহ'ল নিৰ্মাণকাৰ্য। ১ কোটি ৮ লাখ টকীয়া পানী যোগান আঁচনিটো অৰ্ধনিৰ্মীত অৱস্থাতে জহি খহি যোৱাৰ উপক্ৰম হৈছে। নিৰ্মাণ সামগ্ৰীসমূহ পৰিত্যক্ত অৱস্থাতে হাবি-জংঘলে আৱৰি ধৰিছে ।
জল জীৱনৰ পানী যোগান আঁচনিটো সম্পূৰ্ণ নোহোৱাৰ বাবে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে পাঠিমাৰী গাঁৱৰ শতাধিক পৰিয়াল। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱহেলাৰ বাবে আঁচনিটোৰ নিৰ্মাণকাৰ্য আজিও সম্পূৰ্ণ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। শীঘ্ৰে পানী যোগান আঁচনিটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি গাঁওবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ দাবী জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ