গৌৰীপুৰত পিয়াজবাৰীত নকল ফেনাইলৰ বেহা
ধুবুৰী, ২৪ এপ্ৰিল (হি.স.)। গৌৰীপুৰত পিয়াজবাৰীত নকল ফিনাইলৰ বেহা।কলিকতাৰ ভুৱা কোম্পানীৰ ট্ৰেড লেবেল লগাই কলা বজাৰত বিক্ৰী হাজাৰ হাজাৰ ফিনাইল।ট্ৰেড লেবেল লগোৱাৰ কামত নিয়োজিত শিশু শ্ৰমিক। শালমাৰা গাঁৱৰ সাহজাহানৰ নেতৃত্বত এই অবৈধ ফিনাইলৰ কলা বেহা চলাৰ
গৌৰীপুৰত পিয়াজবাৰীত নকল ফেনাইলৰ বেহা


ধুবুৰী, ২৪ এপ্ৰিল (হি.স.)। গৌৰীপুৰত পিয়াজবাৰীত নকল ফিনাইলৰ বেহা।কলিকতাৰ ভুৱা কোম্পানীৰ ট্ৰেড লেবেল লগাই কলা বজাৰত বিক্ৰী হাজাৰ হাজাৰ ফিনাইল।ট্ৰেড লেবেল লগোৱাৰ কামত নিয়োজিত শিশু শ্ৰমিক।

শালমাৰা গাঁৱৰ সাহজাহানৰ নেতৃত্বত এই অবৈধ ফিনাইলৰ কলা বেহা চলাৰ অভিযোগ।ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অধীনস্থ পিয়াঁজবাৰী বজাৰত বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত শালমাৰ গাঁৱৰ সাহজাহান নামৰ এজন ব্যক্তিয়ে শিশু শ্ৰমিক ব্যৱহাৰ কৰি হোমিও ঔষধৰ লগত পানী মিহলাই কলিকতাৰ সাহা কেমিকেল নামৰ ভুৱা প্ৰতিষ্ঠানৰ ব্লেক টাইগাৰ ফিনাইলৰ লেবেল লগাই অবৈধ ভাৱে কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে।ফিনাইলৰ কলা বজাৰৰ এই সমগ্ৰ নেক্সাস আবদ্ধ হ'ল সাংবাদিকৰ গোপন কেমেৰাত।এতিয়া প্ৰশ্ন হয় ফিনাইলৰ দৰে কীটনাসক দ্ৰব্যকলৈ জালিয়াতি কৰাৰ সাহস কেনেকৈ পালে এই সাহজাহানে?এইজন সাহজাহানে শিশু শ্ৰমিক আইন ভৰিৰে মহাৰী দুইনম্বৰী কাৰবাৰত শিশু শ্ৰমিক নিয়োজিত কৰাৰ পিছতো কিয় নীৰৱ ধুবুৰী জিলা প্ৰশাসন ?এই সংক্ৰান্তত সচেতন মহলে জিলা প্ৰশাসনক তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande