পাঠশালা ৰেল ষ্টেচনত অসহায় অৱস্থাত ব্যক্তি উদ্ধাৰ
বজালী, ২৪ এপ্ৰিল (হি.স.)। পাঠশালা ৰেল ষ্টেচনত পৰি থকা অৱস্থাত গোলাঘাট জিলাৰ ভোলা দাস নামৰ এজন ব্যক্তিক উদ্ধাৰ কৰা হয়।প্ৰাপ্ত তথ্য অনুসৰি, আজি ৰাতি পুৱাৰে পৰা ব্যক্তিজন ষ্টেচনত পৰি আছিল।ঘটনাৰ খবৰ পাই পাঠশালাৰ স্থানীয় সাংবাদিকৰ দল ঘটনাস্থলীত উপস্থি
পাঠশালা ৰেল ষ্টেচনত অসহায় অৱস্থাত ব্যক্তি উদ্ধাৰ


বজালী, ২৪ এপ্ৰিল (হি.স.)। পাঠশালা ৰেল ষ্টেচনত পৰি থকা অৱস্থাত গোলাঘাট জিলাৰ ভোলা দাস নামৰ এজন ব্যক্তিক উদ্ধাৰ কৰা হয়।প্ৰাপ্ত তথ্য অনুসৰি, আজি ৰাতি পুৱাৰে পৰা ব্যক্তিজন ষ্টেচনত পৰি আছিল।ঘটনাৰ খবৰ পাই পাঠশালাৰ স্থানীয় সাংবাদিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ ততালিকে আৰক্ষীক অৱগত কৰে।

পিছত আৰক্ষীৰ সহযোগত ভোলা দাসক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।উল্লেখযোগ্য যে, পাঠশালা ৰেল ষ্টেচনত বিভিন্ন সময়ত এনেদৰে অসহায় ব্যক্তি পৰি থকা দেখা যায়।কিন্তু ৰেল কৰ্তৃপক্ষই কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

এই ঘটনাৰ পিছত সাধাৰণ জনতাৰ মাজত প্ৰশ্ন উত্থাপন হৈছে — এনে ক্ষেত্ৰত ৰেল আৰক্ষী বা ৰেল কৰ্তৃপক্ষৰ দায়িত্ব কি?অসহায় যাত্ৰীৰ সুৰক্ষাৰ বাবে বিভাগীয়ভাৱে কিয় পদক্ষেপ গ্ৰহন নকৰে?

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande