
গুৱাহাটী, ২৪ এপ্ৰিল (হি.স.)। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি শুকুৰবাৰে শীৰ্ষ কংগ্রেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন আবেদনৰ ওপৰত ৰায়দান দিব । ন্যায়াধীশ ন্যায়মূৰ্তি পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে দিব এই ৰায়দান ।
উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২১ এপ্রিল মঙলবাৰে পৱন খেড়াৰ অগ্ৰিম জামিন আবেদনৰ শুনানি গ্রহণ কৰিছিল । শুনানি সম্পন্ন হোৱাৰ পিছত ৰায়দান সংৰক্ষিত ৰাখিছিল ন্যায়মূৰ্তি পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে । এই সন্দৰ্ভত শুকুৰবাৰে পুৱা ১০.৩০ বজাত ৰায়দান দিব উচ্চ ন্যায়ালয়ে ।
উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ তিনিখনকৈ ৰাষ্ট্ৰৰ পাছপ'ৰ্ট থকাৰ লগতে বিদেশত সম্পত্তি থকা বুলি এখন সংবাদমেলৰ জৰিয়তে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল পৱন খেড়াই । এই অভিযোগক লৈয়ে ৰিণিকি ভূঞা শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে ক্রাইম ব্ৰান্সত গোচৰ ৰুজু কৰে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি শৰ্মা ভূঞাৰ গোচৰৰ ভিত্তিত শীৰ্ষ কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ।
উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ত মঙলবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতা পৱন খেড়াৰ জামিন আবেদনৰ শুনানি সম্পন্ন হৈছিল । শুনানি সম্পন্ন হৈছিল যদিও ৰায়দান সংৰক্ষিত ৰাখিছিল ন্যায়ালয়ে । ন্যায়ালয়ত পৱন খেড়াৰ হৈ যুক্তি দর্শাইছিল অধিৱক্তা কমল নয়ন চৌধুৰীয়ে ৷ লগতে দিল্লীৰ পৰা ভিচিৰ যোগেদি যুক্তি আগবঢ়াইছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে । আনহাতে অসম চৰকাৰৰ হৈ যুক্তি আগবঢ়াইছিল মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ।
উল্লেখ্য যে গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাত ৰুজু হোৱা গোচৰত অগ্রিম জামিন বিচাৰি পৱন খেড়াই কৰা আবেদনত তেলেংগানা উচ্চ ন্যায়ালয়ে খেড়াক এসপ্তাহৰ বাবে ট্রেনজিট জামিন প্ৰদান কৰিছিল। কিন্তু তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেড়াক প্ৰদান কৰা জামিনৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অসম চৰকাৰ । উচ্চতম ন্যায়ালয়েও শুনানিৰ অন্তত তেলেংগানা উচ্চ ন্যায়ালয়ৰ জামিনৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে । লগতে উচ্চতম ন্যায়ালয়ে খেড়াক অসমৰ আদালতৰ দ্বাৰস্থ হ'বলৈ নির্দেশ দিয়ে । ইয়াৰ পিছতেই মহানগৰ আৰক্ষীৰ অপৰাধ শাখাত ৰুজু হোৱা গোচৰত অগ্রিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কংগ্ৰেছ নেতা পৱন খেড়া ।
---------------
हिन्दुस्थान समाचार / Manoj Kumar Saikia