কংগ্ৰেছ নেতা পৱন খেড়াৰ আগতীয়া জামিন আবেদন নাকচ গৌহাটী উচ্চ ন্যায়ালয়ৰ
গুৱাহাটী, ২৪ এপ্ৰিল (হি.স.)। গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়মূৰ্তি পাৰ্থৱজ্যোতি শইকীয়াই আজি (শুকুৰবাৰে) কংগ্ৰেছ নেতা পৱন খেড়াৰ আগতীয়া জামিন আবেদন নাকচ কৰে। আদালতে এই সিদ্ধান্ত পুৱা ১০:৩০ বজাত প্ৰদান কৰে। লক্ষণীয় যে বৃহস্পতিবাৰে আদালতে
পৱন খেৰা। ফাইল ফটো


গুৱাহাটী, ২৪ এপ্ৰিল (হি.স.)। গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়মূৰ্তি পাৰ্থৱজ্যোতি শইকীয়াই আজি (শুকুৰবাৰে) কংগ্ৰেছ নেতা পৱন খেড়াৰ আগতীয়া জামিন আবেদন নাকচ কৰে। আদালতে এই সিদ্ধান্ত পুৱা ১০:৩০ বজাত প্ৰদান কৰে। লক্ষণীয় যে বৃহস্পতিবাৰে আদালতে তেওঁৰ জামিনৰ সিদ্ধান্ত পিছুৱাই দিছিল যদিও আজি আনুষ্ঠানিকভাৱে জামিন বাতিল কৰা হয়।

মন কৰিবলগীয়া যে অসম বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত পৱন খেড়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাৰ হাতত তিনিখন দেশৰ পাছপ’ৰ্ট থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল, তাৰ পিছতে মুখ্যমন্ত্ৰীৰ পত্নীয়ে অপৰাধ অনুসন্ধান শাখাত এজাহাৰ দাখিল কৰিছিল। এই অভিযোগৰ ভিত্তিত খেড়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৭৫ (নিৰ্বাচন সম্পৰ্কীয় ভুৱা তথ্য), ৩৫, ৩৬, ৩১৮ (প্ৰতাৰণা), ৩৩৮ (প্ৰতাৰণা), ৩৩৭ (আদালতৰ নথি-পত্ৰৰ ভুৱা ৰাজহুৱা পঞ্জীয়ন), ৩৪০ (প্ৰকৃত জাল বৈদ্যুতিন নথি হিচাপে ব্যৱহাৰ), ৩৫২, ৩৫৬ (মানহানি) ধাৰাত গোচৰ ৰুজু কৰা হয়।

ইফালে তেলেংগানা উচ্চ ন্যায়ালয়ে খেড়াক আগতীয়াকৈ জামিন মঞ্জুৰ কৰাৰ পাছত অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ পিছতে খেড়াক অসমৰ সংশ্লিষ্ট আদালতত আবেদন কৰিবলৈ নিৰ্দেশ দিয়া হয়। প্ৰত্যাশিত জামিন আৱেদনৰ শুনানিৰ অন্তত আজি গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে ৰায়দান কৰে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande