
গ্ল’বেল আইকন তথা গ্ৰেমী বঁটা বিজয়ী কণ্ঠশিল্পী ৰিহানাই ভাৰতলৈ অহাৰ লগে লগে পুনৰ শিৰোনাম দখল কৰিছে। প্ৰায় দুবছৰৰ অন্তত মুম্বাইত উপস্থিত হোৱাৰ লগে লগে বিমানবন্দৰত অনুৰাগী আৰু পাপাৰাজীয়ে ভিৰ কৰে। ইয়াৰ পূৰ্বে ২০২৪ চনত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং ৰিচেপচনত ৰিহানাক দেখা গৈছিল, য’ত তেওঁৰ অভিনয়ে ব্যাপক চৰ্চা লাভ কৰিছিল।
মুম্বাই বিমানবন্দৰৰ পৰা এটা ভিডিঅ’ত ৰিহানাক দেখা গৈছে সম্পূৰ্ণ ক’লা ৰূপত। পনিটেইল, ছানগ্লাছ আৰু সোণৰ চেইনেৰে তাইৰ ৰূপটোক বিশেষ কৰিছিল। বিমানবন্দৰৰ পৰা ওলাই আহোঁতে তাই হাঁহি হাঁহি অনুৰাগীক সম্ভাষণ জনাইছিল, হাত জোকাৰিছিল আৰু চুমা উৰুৱাইছিল, হৃদয় জয় কৰিছিল। তেওঁৰ এই ভ্ৰমণৰ সময়ত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থাও কৰা হৈছিল।
খবৰ অনুসৰি এইবাৰ ৰিহানাৰ ভাৰত ভ্ৰমণ কোনো ব্যক্তিগত অনুষ্ঠানৰ বাবে নহয়, বৰঞ্চ বিশেষ ফেশ্বন ইভেণ্টৰ বাবেহে। খবৰ অনুসৰি ২৪ এপ্ৰিলত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া হাই প্ৰফাইল ফেশ্বন ইভেণ্টত অংশগ্ৰহণ কৰিব পাৰে, য’ত তেওঁৰ ব্ৰেণ্ডৰ সৈতে জড়িত সীমিত পপ-আপো মুকলি হ’ব পাৰে। অৱশ্যে এই কথা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।
ভাৰতলৈ ঘূৰি অহাৰ লগে লগে ভাৰতীয় অনুৰাগীৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে। তেওঁৰ বিমানবন্দৰৰ ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে, আৰু অনুৰাগীসকলে তেওঁক ভাৰতলৈ ঘূৰি অহাত আনন্দ প্ৰকাশ কৰিছে। এতিয়া সকলোৰে দৃষ্টি মুম্বাইত তেওঁৰ পৰৱৰ্তী ৰাজহুৱা উপস্থিতিৰ ওপৰত।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া