পাঠশালাত খাদ্য সুৰক্ষা বিভাগৰ বৃহৎ অভিযান
অভিযানকালত জব্দ দুখন মাংসৰ দোকানৰ পৰা ৭ টাকৈ ঘৰুৱা চিলিণ্ডাৰৰ লগতে বেমাৰী মুৰ্গী আৰু মৃত মুৰ্গী বজালীা, ২৪ এপ্ৰিল (হি.স.)। পাঠশালাত খাদ্য সুৰক্ষা বিভাগে কেইবাখনো মাংসৰ দোকানত চলি থকা অনিয়মৰ ওপৰত আজি অভিযান চলায়। বিশেষকৈ পাঠশালা বজাৰৰ মাংসৰ দো
পাঠশালাত খাদ্য সুৰক্ষা বিভাগৰ বৃহৎ অভিযান


অভিযানকালত জব্দ দুখন মাংসৰ দোকানৰ পৰা ৭ টাকৈ ঘৰুৱা চিলিণ্ডাৰৰ লগতে বেমাৰী মুৰ্গী আৰু মৃত মুৰ্গী

বজালীা, ২৪ এপ্ৰিল (হি.স.)। পাঠশালাত খাদ্য সুৰক্ষা বিভাগে কেইবাখনো মাংসৰ দোকানত চলি থকা অনিয়মৰ ওপৰত আজি অভিযান চলায়। বিশেষকৈ পাঠশালা বজাৰৰ মাংসৰ দোকানে দোকানে অভিযান চলায় খাদ্য সুৰক্ষা বিভাগে।

অভিযানকালত বিভাগীয় কৰ্মচাৰীয়ে দুখন মাংসৰ দোকানৰ পৰা ৭টা ঘৰুৱা চিলিণ্ডাৰ জব্দ কৰে। ইয়াৰোপৰি একাংশ মাংসৰ দোকানত ব্যৱসায়ীয়ে স্বাস্থ্যবিধি উলংঘা কৰি মুৰ্গী মাংস বিক্ৰী কৰা দোকানৰ পৰা জব্দ কৰে কেইবাটাও বেমাৰী আৰু মৃত মুৰ্গী।আনহাতে এই অনিয়মৰ বিৰুদ্ধে আগন্তুক দিনতো এনে অভিযান অব্যাহত থাকিব বুলি খাদ্য সুৰক্ষা বিষয়াই জানিবলৈ দিয়ে।।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande