
কামৰূপ, ২৪ এপ্ৰিল (হি.স.)।
নিৰ্বাচনৰ পিছতে ৰাজ্যজুৰি বৃদ্ধি পাইছে কণীৰ মূল্য। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ডিমৰীয়াতো বৃদ্ধি পাইছে কণীৰ মূল্য। প্ৰতি প্লেট কণীত বৃদ্ধি পালে ৩০ ৰ পৰা ৪০ টকা পৰ্যন্ত।
পূৰ্বতে প্ৰতি প্লেট কণী ১৬০ ৰ পৰা ১৭০ টকালৈকে বিক্ৰী কৰিছিল পাইকাৰী ব্যৱসায়ীয়ে। কিন্তু এতিয়া ৩০ ৰ পৰা ৪০ টকা দাম বৃদ্ধি হোৱাত ২০০ ৰ পৰা ২১০ টকা পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে ব্যৱসায়ীসকলে।
হঠাৎ এইদৰে কণীৰ দাম বৃদ্ধি হোৱাত পাইকাৰী ব্যৱসায়ীসকলৰ লগতে সমস্যাত পৰিছে গ্ৰাহক সকলেও।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar