যোৰহাটত ড্ৰাগছ সেৱনৰ সন্দেহত যুৱক আটক
যোৰহাট, এপ্ৰিল (হি.স.)। যোৰহাটত বিগত কিছু বৰ্ষৰ পৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ সেৱনৰ ঘটনা। বিদ্যালয় ,মহাবিদ্য়ালয়ৰ ছাত্ৰ ছাত্ৰী সকল ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি নিজকে ক্ৰমে ধ্বংসৰ মুখলৈ ঠেলি দিছে আৰক্ষী ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্য়াহত
যোৰহাটত ড্ৰাগছ সেৱনৰ সন্দেহত যুৱক আটক


যোৰহাট, এপ্ৰিল (হি.স.)। যোৰহাটত বিগত কিছু বৰ্ষৰ পৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ সেৱনৰ ঘটনা। বিদ্যালয় ,মহাবিদ্য়ালয়ৰ ছাত্ৰ ছাত্ৰী সকল ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি নিজকে ক্ৰমে ধ্বংসৰ মুখলৈ ঠেলি দিছে আৰক্ষী ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্য়াহত ৰখা সত্বেও জিলা খনত ড্ৰাগছৰ অবাধ প্ৰচলন অব্য়াহত আছে।

যোৰহাটত ড্ৰাগছ সেৱনৰ সন্দেহত যুৱক আটক। যোৰহাট শংকৰদেৱ চেমিনাৰি স্কুলৰ ওচৰৰ পৰা স্থানীয় ৰাইজে কৰায়ত্ত কৰি যোৰহাটৰ টাউন টি এছ আই ক চমজাই দিয়ে কৰায়ত্ত কৰা যুৱক জনক। যদিও তেওঁৰ লগত থকা দুজন যুৱক পলাই যাবলৈ সক্ষম হয়। কৰায়ত্ত কৰা যুৱক জনৰ ঘৰ মাজুলীৰ গড়মূৰত বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande