
কাৰ্বি আংলং, এপ্ৰিল (হি.স.)। সংসদত নাৰী বন্দনা সংশোধনী বিধেয়ক অনুমোদন নোহোৱাত দেশৰ প্ৰান্তে প্ৰান্তে সোচ্ছাৰ হৈ পৰিছে বিজেপি দল। পিছপৰা নাই কাৰ্বি আংলঙৰ বিজেপিৰ নেত্ৰী-কৰ্মী সকল। শুকুৰবাৰে ডিফুত কাৰ্বি আংলং মহিলা বিজেপিৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি বিৰোধী কংগ্ৰেছ দলৰ লগতে মমতা বেনাৰ্জী, ছোনীয়া গান্ধী, প্ৰিয়ংকা গান্ধীক নাৰীৰ শত্ৰু বুলি অভিহিত কৰে।
বিগত ৫৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত নাৰীক শোষণ কৰা বুলি অভিযোগ তোলাৰ লগতে বিজেপিয়ে নাৰীক যথোপযুক্ত সন্মান দিয়া বুলি মন্তব্য কৰে। ৰাষ্ট্ৰপতিৰ দৰে সন্মানীয় আসনত মহিলাক অধিষ্ঠিত কৰা, বিত্ত মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদত মহিলাক স্থান দিয়া কাৰ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মহানুভৱতা বুলি প্ৰকাশ কৰে।
বিধেয়ক খনৰ বিৰোধিতা কৰা কংগ্ৰেছ আৰু বিৰোধী শক্তিৰ বিপক্ষে প্ৰতিবাদ অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদী দলটোৱে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু