ধিঙৰ শল’গুৰি আৰক্ষীৰ বাইক চোৰৰ বিৰুদ্ধে অভিযান, চুৰি বাইক জব্দ
নগাঁও, ২৪ এপ্ৰিল (হি.স.)। ধিঙৰ শল’গুৰি আৰক্ষীৰ বৃহৎ সাফল্য। আজি পুৱা শল’গুৰি আৰক্ষীয়ে বাইক চোৰৰ বিৰুদ্ধে অভিযান চলাই আধা-খোলা অৱস্থাত থকা এখন চুৰি পালচাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয়। লগতে চোৰে ব্যৱহাৰ কৰা এ এছ ০২ এ ডব্লিউ ২৩৩০ নম্বৰৰ আন এখন বাই
ধিঙৰ শল’গুৰি আৰক্ষীৰ বাইক চোৰৰ বিৰুদ্ধে অভিযান, চুৰি বাইক জব্দ


নগাঁও, ২৪ এপ্ৰিল (হি.স.)। ধিঙৰ শল’গুৰি আৰক্ষীৰ বৃহৎ সাফল্য। আজি পুৱা শল’গুৰি আৰক্ষীয়ে বাইক চোৰৰ বিৰুদ্ধে অভিযান চলাই আধা-খোলা অৱস্থাত থকা এখন চুৰি পালচাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয়।

লগতে চোৰে ব্যৱহাৰ কৰা এ এছ ০২ এ ডব্লিউ ২৩৩০ নম্বৰৰ আন এখন বাইকো জব্দ কৰে আৰক্ষীয়ে।

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত পতিয়া চাপৰি অঞ্চলত চলোৱা এই অভিযানত আৰক্ষীয়ে আধা-খোলা অৱস্থাত থকা বাইকখন উদ্ধাৰ কৰে। অৱশ্যে চোৰটোৱে নিজে চলাই অহা আন এখন আপাচি বাইক এৰি পলাই যাবলৈ সক্ষম হয়।

জানিব পৰা মতে, চুৰি কৰা বাইকখন পতিয়া চাপৰি বজাৰত থকা কবাৰীৰ ওচৰত বিক্ৰী কৰিবলৈ লৈ যোৱাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে। কুখ্যাত এই চোৰটো ধিঙৰ সৰু ৰাধাআটীৰ মুকিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

বৰ্তমান শল’গুৰি আৰক্ষীয়ে অভিযুক্তজনক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande