
শোণিতপুৰ, ২৪ এপ্ৰিল (হি.স.)। কেৰেলাৰ ৰেল ষ্টেচনত অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ। বহি:ৰাজ্যত মৃত্যু হৈছে জামুগুৰিহাটৰ এগৰাকী যুৱকৰ। কৰ্ম সংস্থাপনৰ বাবে সুদূৰ কেৰেলালৈ যোৱা জামুগুৰিহাটৰ পাচিগাঁওৰ প্ৰণৱ বৰুৱা নামৰ যুৱক জনৰ কেৰেলাৰ এটা ৰেল ষ্টেচনত ৰহস্যজনক ভাৱে মৃত্যু হয়। বিগত ১৮এপিলত কেইগৰাকী মান লগৰীয়াৰ সৈতে ৰেল যোগে কেৰেলালৈ যোৱা প্ৰণৱ বৰুৱা নামৰ যুৱকজনৰ দুদিন পূৰ্বে মৃত্যু হোৱা বুলি লগৰীয়া সকলে পৰিয়ালৰ লোকক অৱগত কৰোৱাত পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।
এগৰাকী ছোৱালী আৰু এটি পুত্ৰ সন্তানৰ পিতৃ প্ৰণৱ বৰুৱা নামৰ যুৱক জনৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালৰ লোকে। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা