
ডিব্ৰুগড়, ২৪ এপ্ৰিল (হি.স.): ডিব্ৰুগড় জিলাৰ লাহোৱালত যোৱা কালি বৃহস্পতিবাৰে বিয়লি এগৰাকী যুৱতীৰ মৃতদেহ পুখুৰীত উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰামতে লাহোৱাল আৰক্ষী থানাৰ অন্তৰ্গত লাহোৱাল পাত্ৰ গাঁৱৰ নিবাসী বন্তি চুতীয়াৰ ঘৰত সৰুৰে পৰা ডাঙৰ দীঘল কৰা ৰূপা ভূঞা (১৮) নামৰ যুৱতী গৰাকী তিনিদিন ধৰি সন্ধানহীন হৈ আছিল৷
বন্তি চুতীয়াই যুৱতী গৰাকীৰ সন্ধানহীন হৈ থকা সন্দৰ্ভত লাহোৱাল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল৷ কালি সন্ধিয়া লাহোৱাল বাইপাছৰ সমীপৰ এটা উন্মুক্ত পুখুৰীত মাছ মাৰিবলৈ যোৱা দুগৰাকী মাছমৰীয়াই এটা মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰে। তাৰ পিছতেই চিনাক্ত কৰা হয় যুৱতী গৰাকীৰ মৃতদেহ৷ ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পিতাললৈ প্ৰেৰণ কৰে৷
জানিব পৰামতে মৃত যুৱতী গৰাকীৰ জন্মস্থান ডিব্ৰুগড় জিলাৰ জকাইত৷ সৰুতে পিতৃ-মাতৃৰ মৃত্যু হোৱাত লাহোৱালৰ বন্তি চুতীয়াই কেচুৱাৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছিল৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ