আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি, ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ১০৭ ডলাৰত উপনীত
নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত একেৰাহে পঞ্চম দিনলৈ খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাই থাকিল। আজি প্ৰতি বেৰেলত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ১০৭ ডলাৰ হয়গৈ। একেদৰে আজি পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট
प्रतीकात्मक


নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত একেৰাহে পঞ্চম দিনলৈ খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাই থাকিল। আজি প্ৰতি বেৰেলত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ১০৭ ডলাৰ হয়গৈ। একেদৰে আজি পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউটিআই) খাৰুৱা তেলৰ মূল্যও প্ৰতি বেৰেলত ৯৭.৬০ ডলাৰ হয়। কিন্তু পিছত খাৰুৱা তেলৰ মূল্যত সামান্য হ্ৰাস পোৱা যায়।

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা স্থগিত ৰখা আৰু হৰমুজ জলদ্বীপক লৈ দুয়োখন দেশৰ মাজত হোৱা সংঘাতৰ বাবে এই বৃহৎ সাগৰীয় পথৰ জৰিয়তে খাৰুৱা তেলৰ যোগান কাৰ্যতঃ স্তব্ধ হৈ পৰিছে, অদূৰ ভৱিষ্যতে পুনৰ আৰম্ভ হোৱাৰ আশা কৰা হোৱা নাই। এই কাৰণেই খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈয়েই আছে।

আজি ব্ৰেণ্ট খাৰুৱা তেলে প্ৰতি বেৰেলত ১০৬.১২ ডলাৰত ১০৫ ডলাৰৰ ওপৰত ব্যৱসায়িক অধিবেশন আৰম্ভ কৰে। কম সময়ৰ ভিতৰতে জঁপিয়াই প্ৰতি বেৰেলত ১০৭ ডলাৰ হয়। পুৱা ১০ বজালৈকে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০৫.৯৯ ডলাৰ হয়, যিটো ০.৯০ শতাংশ বৃদ্ধি পাইছে।

একেদৰে আজি ডব্লিউ টি আই খাৰুৱা তেলে ৯৬ ডলাৰৰ সীমা অতিক্ৰম কৰি প্ৰতি বেৰেলত ৯৬.৭৭ ডলাৰত ব্যৱসায়িক অধিবেশন আৰম্ভ কৰে। কম সময়ৰ ভিতৰতে জপিয়াই প্ৰতি বেৰেলত ৯৭.৬০ ডলাৰ হয়। অৱশ্যে পিছত সামান্য হ্ৰাস পোৱাও দেখা যায়। পুৱা ১০:০০ বজাত ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯৬.৩৮ ডলাৰ হয়, যিটো ০.৫৫ শতাংশ বৃদ্ধি পাইছে।

মন কৰিবলগীয়া যে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে পশ্চিম এছিয়াত আৰম্ভ হোৱা যুদ্ধই বিশ্বৰ পেট্ৰলিয়াম ভিত্তিক শক্তিৰ বজাৰখন কঁপাই তুলিছে। এই যুদ্ধৰ বাবে হৰমুজ জলদ্বীপ কাৰ্যতঃ বন্ধ হৈ পৰিছে, যাৰ ফলত পাৰ্চী উপসাগৰৰ পৰা তেল আৰু গেছৰ যোগান ভয়ংকৰভাৱে হ্ৰাস পাইছে। ইৰাণক হেঁচা প্ৰয়োগ কৰিবলৈ আমেৰিকাই অৱৰোধ জাৰি কৰিছে। আনহাতে ইৰানে হৰমুজ জলদ্বীপক আন্তঃৰাষ্ট্ৰীয় যাতায়তৰ বাবে বন্ধ কৰি ৰাখিবলৈ চেষ্টা চলাইছে।

বিশেষজ্ঞসকলে কয় যে আমেৰিকা আৰু ইৰাণৰ মাজত তাৎক্ষণিক শান্তি আলোচনাৰ সম্ভাৱনা নাই। দুয়োখন দেশৰ জেদী স্থিতিৰ পৰা অনুমান কৰিব পাৰি যে হৰমুজ জলদ্বীপৰ মাজেৰে মালবাহী জাহাজ আৰু তেল টেংকাৰৰ চলাচল তৎক্ষণাত সম্ভৱ নহ’ব। এনে পৰিস্থিতিত বিশ্বৰ খাৰুৱা তেলৰ যোগানত ব্যাঘাত অব্যাহত থাকিব, যাৰ ফলত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হ’ব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande