
শোণিতপুৰ, ২৪ এপ্ৰিল (হি.স.)। ৰঙাপৰাত গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি৷ গাড়ীসহ চাৰিজন গৰু চোৰক আটক স্থানীয় ৰাইজৰ৷ ৰঙাপৰাৰ বিভিন্ন অঞ্চলত দিনক দিনে গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ সময়তে ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাজুলি চাহ বাগিচাত এটা গৰুসহ চাৰিজন চোৰক হাতে-লোটে ধৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে।
দিনৰ প্ৰায় ১২ বজাত ৰূপাজুলি চাহ বাগিচাৰ ১৩ নং শাখাত চাৰিজনীয়া এটা দলে (এ.আৰ. ০১.জে.৮৯৮৭) নম্বৰৰ মহিন্দ্ৰা স্কৰপ্ৰিঅ' গাড়ী খনত এটা পশুধন তুলি নিয়াৰ সময়তে স্থানীয় ৰাইজে কথাটো জানি প্ৰথমতে গাড়ীখনক আগচি ধৰে। তাৰ পিছত গাড়ী খনত থকা চাৰিজন চোৰক নমাই আনি ক্ষুব্ধ ৰাইজে উত্তম-মাধ্যম শোধায়। ৰাইজৰ প্ৰহাৰত চোৰ চাৰিজন লেবেজান হৈ পৰে।
চাহ বাগিচাৰ শ্ৰমিক ৰাইজে আটক কৰা চাৰিজন গৰু চোৰক ৰঙাপৰা আৰক্ষীৰ হাতত চমজাই দিয়ে। চোৰ কেইজন হ'ল ক্ৰমে— ৰহাৰ দীঘলীআটিৰ চাহেব আলি, তেজপুৰৰ পৰুৱা গুটলুঙৰ জাকিৰ হুছেইন, চিৰাজ হুছেইন আৰু চাইফুল হক। চোৰ হাতৰ পৰা ৰক্ষা পৰা গৰুটো আছিল ৰূপাজুলি চাহ বাগিচাৰ দানিয়েল বাঘৰ। ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয় ২৬/২৬ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা লগতে গৰু চোৰ কেইজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰনৰ ব্যৱস্থা কৰিছে । উল্লেখ্য যে ৰঙাপৰা অঞ্চলত গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পাই থকাত ৰাইজ উদ্বিগ্ন হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু