অহা ২৮ এপ্ৰিলত আৰ এছ এছৰ জ্যেষ্ঠ স্বয়ংসেৱক চন্দ্ৰমোহন ভাৰদ্বাজৰ শোক সভা
নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ জ্যেষ্ঠ স্বয়ংসেৱক তথা হিন্দুস্থান সমাচাৰ সংবাদ সংস্থাৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা চন্দ্ৰমোহন ভৰদ্বাজৰ বাবে ২৮ এপ্ৰিলত তেওঁৰ গাঁও ঢকাত এখন শোক সভা অনুষ্ঠিত ক
চন্দ্ৰ মোহন ভৰদ্বাজৰ শোক সভাৰ পৰা শোক বাৰ্তা


নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ জ্যেষ্ঠ স্বয়ংসেৱক তথা হিন্দুস্থান সমাচাৰ সংবাদ সংস্থাৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা চন্দ্ৰমোহন ভৰদ্বাজৰ বাবে ২৮ এপ্ৰিলত তেওঁৰ গাঁও ঢকাত এখন শোক সভা অনুষ্ঠিত কৰা হ’ব। যোৱা ৫ মাৰ্চত কানাডাত শেষ নিশ্বাস ত্যাগ কৰে চন্দ্ৰমোহন ভৰদ্বাজে।

তেওঁৰ পৰিয়ালৰ মতে তেওঁৰ চিতা ভষ্ম হৰিদ্বাৰৰ গংগাত বিসৰ্জন দিয়া হ’ব। ইয়াৰ পূৰ্বে ২৮ এপ্ৰিল মঙলবাৰে বিয়লি ৩ বজাত ঢকা গাঁৱৰ মেইন ৰোডৰ ওম মন্দিৰত তেওঁৰ আত্মাৰ বাবে শোকসভাৰ আয়োজন কৰা হৈছে।

উল্লেখযোগ্য যে ভৰদ্বাজে ১৯৭০ চনত হিন্দুস্হান সমাচাৰত যোগদান কৰিছিল। তেওঁৰ এই প্ৰচেষ্টাৰ ফলত ২০০০ চনত পুনৰ সংবাদ সংস্থাটো আৰম্ভ হয়। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে হিন্দুস্তান সমাচাৰ পৰিয়ালে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande