ডিগবৈ লক্ষীপথাৰ পানধোৱা বনগাঁওত কনিষ্ঠ ভ্ৰাতৃৰ দা ৰ ঘাপত জ্যেষ্ঠ ভ্ৰাতৃ নিহত
তিনিচুকিয়া, ২৪ এপ্ৰিল (হি.স.)। ডিগবৈ লক্ষীপথাৰ পানধোৱা বনগাঁওত জঘন্য হত্যাকাণ্ড। কনিষ্ঠ ভ্ৰাতৃৰ উপৰ্যুপৰি দা ৰ ঘাপত জ্যেষ্ঠ ভ্ৰাতৃৰ চিকিৎসালয়ত যোৱা নিশা মৃত্যু। কনিষ্ঠ ভ্ৰাতৃ ৪৪ বছৰীয়া প্ৰণৱজ্যোতি গোঁহায়ে যোৱা ১৯ এপ্ৰিলত পাৰিবাৰিক কাৰণত জেষ্ঠ্য
ডিগবৈ লক্ষীপথাৰ পানধোৱা বনগাঁওত কনিষ্ঠ ভ্ৰাতৃৰ দা ৰ ঘাপত জ্যেষ্ঠ ভ্ৰাতৃ নিহত


তিনিচুকিয়া, ২৪ এপ্ৰিল (হি.স.)। ডিগবৈ লক্ষীপথাৰ পানধোৱা বনগাঁওত জঘন্য হত্যাকাণ্ড। কনিষ্ঠ ভ্ৰাতৃৰ উপৰ্যুপৰি দা ৰ ঘাপত জ্যেষ্ঠ ভ্ৰাতৃৰ চিকিৎসালয়ত যোৱা নিশা মৃত্যু। কনিষ্ঠ ভ্ৰাতৃ ৪৪ বছৰীয়া প্ৰণৱজ্যোতি গোঁহায়ে যোৱা ১৯ এপ্ৰিলত পাৰিবাৰিক কাৰণত জেষ্ঠ্য ভাতৃ ৪৬ বছৰীয়া বিজু গোহাঁইক নিজ ঘৰত মেচি দা ৰে উপৰ্যুপৰি ঘপিয়াই গুৰুতৰ ভাৱে জখম কৰাত অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও ২৩ এপ্ৰিলৰ নিশা চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

ভ্ৰাতৃ হত্যাকাৰী প্ৰণৱজ্যোতি গোঁহাইক ডিগবৈ থানাৰ আৰক্ষীয়ে জ্যেষ্ঠ ভাতৃ বলিন গোহাঁইৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।ঘটনাৰ সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ আইনৰ ০৩/(১)ধাৰাত ৩৩/২০২৬ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande