
কামৰূপ, ২৪ এপ্ৰিল (হি.স.)। বাইহাটা চাৰিআলি আৰক্ষী থানাত তিনি দুধৰ্ষ বাইকচোৰ । বাইহাটা চাৰিআলি অঞ্চলৰ ভিন্ন স্থানৰ পৰা চুৰি কৰি অনা বাইক সমুহ খুলি মেলি বিক্ৰি কৰিব বিচৰাৰ সময়তে হাতে লোটে ধৰা পৰে আৰক্ষীৰ হাতত ।
আৰক্ষীৰ হাতত ধৰা পৰা চোৰ কেইগৰাকী ক্ৰমে মুক্তাপুৰৰ মহিমুদ্দিন আহমেদ, চাংসাৰিৰ সমীপবৰ্তী জালাহৰ ৰাজীৱ আলী আৰু আলিপূব গাৱৰ ফাৰুক আলী । আৰক্ষীয়ে চোৰ কেইজন আটক কাৰ সময়ত দুখন বাইকৰ লগতে খণ্ড- বিখণ্ড অবস্থাত এখন পালচাৰ বাইক জব্দ কৰে। জানিব পৰা মতে দীৰ্ঘ দিন ধৰি ফাৰুক আলী নামৰ চোৰ জনে চোৰৰ সন্ত্ৰাশ চলাই আহিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ