(আপডেট) বিহাৰ বিধানসভাত এন ডি এৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ, ধ্বনি ভোটেৰে গৃহীত আস্থা ভোট
পাটনা, ২৪ এপ্ৰিল (হি.স.)। বিহাৰ বিধানসভাৰ শুকুৰবাৰে বিশেষ অধিৱেশনত মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে। সদনত ভোট অনুষ্ঠিত নকৰাকৈ ধ্বনি ভোটৰ দ্বাৰা আস্থা ভোট গৃহীত হোৱাত সম্ৰাট
मुख्यमंत्री सम्राट चौधरी विश्वास मत हासिल करने के बाद विजय चिन्ह के साथ विधायकों का अभिवादन स्वीकार करते हुए


পাটনা, ২৪ এপ্ৰিল (হি.স.)। বিহাৰ বিধানসভাৰ শুকুৰবাৰে বিশেষ অধিৱেশনত মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে। সদনত ভোট অনুষ্ঠিত নকৰাকৈ ধ্বনি ভোটৰ দ্বাৰা আস্থা ভোট গৃহীত হোৱাত সম্ৰাট চৌধুৰী চৰকাৰে সদনৰ আস্থা লাভ কৰে।

এন ডি এৰ সকলো মিত্ৰ দেশৰ বিধায়কে পাল পাতি চৰকাৰৰ প্ৰতি সমৰ্থন ঘোষণা কৰাৰ ফলত আস্থা ভোট সহজে গৃহীত হয়।

উল্লেখ্য যে যোৱা ১৫ এপ্ৰিলত নীতিশ কুমাৰৰ ঠাইত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল সম্ৰাট চৌধুৰীয়ে। তেওঁৰ সমান্তৰালকৈ জনতা দল ইউনাইটেডৰ কোটাৰ পৰা বিজেন্দ্ৰ প্ৰসাদ যাদৱে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত আস্থা ভোটৰ সন্দৰ্ভত ভাষণ দি মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, প্ৰাক্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু এন ডি এৰ জ্যেষ্ঠ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

ভাষণত তেওঁ কয়, মুখ্যমন্ত্ৰীৰ পদ উত্তৰাধিকাৰী সূত্ৰে নহয়। ১৪ কোটি লোকৰ সহায় আৰু আশীৰ্বাদত মই মুখ্যমন্ত্ৰী হৈছিলো। বিৰোধীক লক্ষ্য কৰি তেওঁ কয় যে ক্ষমতা কোনো এটা পৰিয়াল বা ব্যক্তিৰ পৈত্ৰিক হ’ব নোৱাৰে।

ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱকো আক্ৰমণ কৰে সম্ৰাট চৌধুৰীয়ে। তেওঁ কয় যে লালু যাদৱৰ শাসন কালত সংঘটিত হোৱা অত্যাচাৰে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ অধিক শক্তিশালী কৰি তুলিছিল। তেওঁ দাবী কৰে যে লালু যাদৱে তেওঁক আৰু তেওঁৰ পৰিয়ালৰ ২২ জন সদস্যক কাৰাগাৰত ভৰাই থৈছিল আৰু পিছত ৰাজহুৱাভাৱে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খুজিছিল।

তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰসমূহ স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে ট্ৰিপল চি: অপৰাধ, দুৰ্নীতি, আৰু সাম্প্ৰদায়িকতাবাদৰ ওপৰত আপোচ নকৰে। মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলিও তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে, আমাৰ আৰক্ষীয়ে নাৰীৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰা ব্যক্তিক পাতালৰ পৰা হলেও বিচাৰি উলিয়াব।

সম্ৰাট চৌধুৰীয়ে লগতে উল্লেখ কৰে যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ব্লক, চাৰ্কল আৰু থানা পৰ্যায়ত উন্নত ৰাজহুৱা সেৱা প্ৰদানৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰিব। ৰাজহুৱা সেৱাৰ অধিকাৰ আইন, লেণ্ড পৰ্টেল, ই-মিউটেচন, ই-মেপিঙৰ দৰে ব্যৱস্থাসমূহ অধিক ফলপ্ৰসূ কৰা হ’ব।

এক বৃহৎ জনস্বাৰ্থৰ ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে এতিয়া পথ দুৰ্ঘটনাগ্ৰস্তৰ পৰিয়ালক মুঠ ₹৮ লাখ টকাৰ ব্যৱস্থা কৰা হ’ব। এই ধনৰাশি বীমা কোম্পানীৰ পৰা ৪ লাখ ₹ আৰু ৰাজ্য চৰকাৰৰ পৰা ৪ লাখ ₹ হ’ব।

ইয়াৰ পূৰ্বে বিধানসভাত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ভাষণ দি বিৰোধী দলৰ নেতা তেজস্বী যাদৱে কয় যে বিজেপিয়ে নীতিশ কুমাৰক “সমাপ্ত” কৰিছে। এই বক্তব্যই সদনত এক বৃহৎ হুলস্থুলৰ সৃষ্টি কৰিছিল।

ইয়াৰ পিছতে সদনত ভাষণ দি আৱেগিক হৈ পৰে উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ চৌধুৰী। নীতিশ কুমাৰক স্মৰণ কৰি তেওঁ কয় যে সদনত তেওঁৰ লগত দৃষ্টিভংগী নেতা নথকাৰ বাবে তেওঁ দুখ প্ৰকাশ কৰিছে আৰু এতিয়া তেওঁ আনটো সদনৰ সদস্য হৈ পৰিছে।

তেওঁ কয় যে সদনত এটা শূন্যতা অনুভৱ কৰা হৈছিল, যেন সকলোকে বহুদিনৰ পৰা লেম্পৰ পোহৰত পৰিচালিত হৈছিল, কিন্তু সেই লেম্পটো এতিয়া নাইকিয়া হৈ গৈছে। সেই একে পোহৰতে বিহাৰৰ ৰাজনীতি আৰু শাসন ব্যৱস্থাই অগ্ৰগতি অব্যাহত ৰাখিছে।

শেষত মুখ্যমন্ত্রী সম্ৰাট চৌধুৰীয়ে চৰকাৰৰ দৃষ্টিভংগী দাঙি ধৰে আৰু উন্নয়ন, সুশাসন, জনকল্যাণৰ প্রতি নিজৰ দায়বদ্ধতা পুনৰ দোহাৰে৷ এই সময়ছোৱাত তেওঁ বিৰোধীক আক্ৰমণ কৰা যেন দেখা গৈছিল আৰু তেজস্বী যাদৱকো প্ৰত্যুত্তৰ দিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande