বিহাৰ বিধানসভাত আস্থা ভোটত জয়ী মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী
পাটনা, ২৪ এপ্ৰিল (হি.স.)। মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে ২৪৩ জনীয়া বিহাৰ বিধানসভাত শুকুৰবাৰে আনুষ্ঠানিকভাৱে আস্থা ভোট লাভ কৰি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰে। সদনত দাখিল কৰা আস্থা প্ৰস্তাৱ ধ্বনি ভোটৰ জৰিয়তে গৃহীত হয়। ইয়াৰ লগে লগে সম্ৰাট চৌধুৰী নেতৃত্ব
मुख्यमंत्री सम्राट चौधरी विजय चिन्हा दिखाते हुए विधानसभा के विशेष सत्र के दौरान


পাটনা, ২৪ এপ্ৰিল (হি.স.)। মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে ২৪৩ জনীয়া বিহাৰ বিধানসভাত শুকুৰবাৰে আনুষ্ঠানিকভাৱে আস্থা ভোট লাভ কৰি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰে। সদনত দাখিল কৰা আস্থা প্ৰস্তাৱ ধ্বনি ভোটৰ জৰিয়তে গৃহীত হয়। ইয়াৰ লগে লগে সম্ৰাট চৌধুৰী নেতৃত্বাধীন চৰকাৰখনে বিধানসভাৰ আস্থা লাভ কৰে।

যোৱা ১৫ এপ্ৰিলত নীতিশ কুমাৰৰ ঠাইত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল সম্ৰাট চৌধুৰীয়ে। তেওঁৰ সমান্তৰালকৈ জনতা দল ইউনাইটেডৰ কোটাৰ পৰা বিজেন্দ্ৰ প্ৰসাদ যাদৱে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত আস্থা ভোটৰ সন্দৰ্ভত ভাষণ দি মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, প্ৰাক্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

ভাষণত তেওঁ কয়, মুখ্যমন্ত্ৰীৰ পদ উত্তৰাধিকাৰী সূত্ৰে নহয় । ১৪ কোটি লোকৰ সহায় আৰু আশীৰ্বাদত মই মুখ্যমন্ত্ৰী হৈছিলো । বিৰোধীক লক্ষ্য কৰি তেওঁ কয় যে ক্ষমতা কোনো এটা পৰিয়াল বা ব্যক্তিৰ পৈত্ৰিক সম্পত্তি হ’ব নোৱাৰে।

ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ ওপৰতো তীব্ৰ আক্ৰমণ চলালে সম্ৰাট চৌধুৰীয়ে। তেওঁ কয় যে লালু প্ৰসাদ যাদৱৰ শাসন কালত সংঘটিত হোৱা অত্যাচাৰে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ অধিক শক্তিশালী কৰি তুলিছিল। তেওঁ দাবী কৰে যে লালু যাদৱে তেওঁক আৰু তেওঁৰ পৰিয়ালৰ ২২ জন সদস্যক কাৰাগাৰত ভৰাই থৈছিল আৰু পিছত ৰাজহুৱাভাৱে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খুজিছিল ।

মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰ স্পষ্ট কৰি কয় যে তেওঁৰ চৰকাৰে ট্ৰিপল চি বিষয়ত আপোচ নকৰে: অপৰাধ, দুৰ্নীতি আৰু সাম্প্ৰদায়িকতা। তেওঁ উল্লেখ কৰে যে নীতিশ কুমাৰৰ নেতৃত্বত এই বিষয়সমূহৰ ওপৰত যিদৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, ঠিক তেনেদৰে এই নীতি অব্যাহত থাকিব।

মহিলাৰ সুৰক্ষা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ উল্লেখ কৰে যে নাৰীৰ ওপৰত অত্যাচাৰ কৰাসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব।

তেওঁ কয়, আমাৰ আৰক্ষীয়ে নাৰীৰ বিৰুদ্ধে অপৰাধ কৰা যিকোনো ব্যক্তিক বিচাৰি আনিব, আনকি পাতালৰ পৰাও।

প্ৰশাসনিক সংস্কাৰৰ কথা উল্লেখ কৰি সম্ৰাট চৌধুৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ব্লক, জ’ন আৰু থানা পৰ্যায়ত উন্নত ৰাজহুৱা সেৱা প্ৰদানৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰিব। তেওঁ আশ্বাস দিয়ে যে জনসেৱাৰ অধিকাৰ আইন, লেণ্ড পৰ্টেল, ই-মিউটেচন, ই-মেপিঙৰ দৰে ব্যৱস্থা বিহাৰত অধিক ফলপ্ৰসূ কৰা হ’ব ।

সদনৰ আলোচনাৰ সময়ত মুখ্যমন্ত্ৰীয়েও এক বৃহৎ জনস্বাৰ্থৰ ঘোষণা কৰে । তেওঁ কয় যে পথ দুৰ্ঘটনাত মৃত্যু হ’লে এতিয়া ভুক্তভোগীৰ পৰিয়ালে মুঠ ৮ লাখ টকাৰ সাহায্য লাভ কৰিব । এই ধনৰাশি বীমা কোম্পানীৰ পৰা ৪ লাখ ₹ আৰু ৰাজ্য চৰকাৰৰ পৰা ৪ লাখ ₹ হ’ব । বিধায়কৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত লোৱা হৈছে ।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ চৰকাৰে জনকল্যাণ, সুশাসন, আৰু নিৰাপত্তাৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধতাৰে কাম কৰিব আৰু বিহাৰৰ উন্নয়ন ত্বৰান্বিত কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande