
ডিব্ৰুগড়, ২৪ এপ্ৰিল (হি.স.): ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ঘোঁৰামৰা আৰক্ষী চকীৰ অন্তৰ্গত দঙৰপথাৰ গাঁৱৰ জনক বৰুৱা (২৫) নামৰ এজন যুৱক নিৰুদ্দেশ হৈ থকা খবৰে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পৰিয়ালৰ লোকৰ পৰা জানিব পৰামতে কৰ্মসূত্ৰে ডিব্ৰুগড়ৰ পৰা চাবুৱালৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ হৈছে যুৱকজন।
জানিব পৰা মতে নিৰুদিষ্ট জনক বৰুৱা IIFL Microfinance Company ত কৰ্মৰত আছিল৷ যোৱা ২০ এপ্ৰিল পুৱাৰ পৰাই নিৰুদ্দেশ হৈ থকাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। এই ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে ঘোঁৰামৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। যদি কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ হোৱা জনক বৰুৱাৰ সম্ভেদ লাভ কৰিলে 8822401134, 9365421760 অথবা 6001238257 নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ লক্ষী বৰুৱা আৰু মাতৃ মনি বৰুৱাই কাতৰ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ