
নলবাৰী, ২৪ এপ্ৰিল (হি.স.)। নলবাৰীৰ টিহু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° অতনু নাথে বিশ্বপ্ৰসিদ্ধ “Breakthrough Prize in Fundamental Physics” লাভ কৰি অসম আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সন্মানক সাধাৰণতে “বিজ্ঞান জগতৰ অস্কাৰ” বুলি কোৱা হয়।
হাইলাকান্দি জিলাৰ লালাবজাৰৰ নিবাসী ড° অতনু নাথ বৰ্তমান নলবাৰী জিলাৰ টিহু মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। ড° অতনু নাথৰ এই সাফল্যই উত্তৰ-পূৰ্ব ভাৰতৰ বৈজ্ঞানিক সমাজৰ বাবে এক বৃহৎ সন্মান কঢ়িয়াই আনিছে । ফাৰ্মিলেবৰ Muon g-2 পৰীক্ষাত তেওঁৰ অৱদানে প্ৰমাণ কৰিলে যে অসমৰ প্ৰতিভাই বিশ্বজয় কৰিবলৈ সক্ষম। এনে সাফল্যই ৰাজ্যৰ শিক্ষা ব্যৱস্থা আৰু গৱেষণাৰ ক্ষেত্ৰত নতুন প্ৰেৰণা যোগাব।
অধ্যাপক অতনু নাথে বিশ্বজুৰি ৩৭৬জন বিজ্ঞানীৰ সৈতে এই সন্মান ভাগ-বতৰা কৰিছে, যাৰ ভিতৰত প্ৰায় ১১জন ভাৰতীয় বিজ্ঞানী আছে। তেওঁ এই শাখাত এই সন্মান লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰে প্ৰথম বিজ্ঞানী হিচাপে পৰিগণিত হৈছে। এইবছৰৰ এই বঁটা Muon g-2 experiment সমূহৰ বাবে প্ৰদান কৰা হৈছে, যি CERN, Brookhaven National Laboratory আৰু Fermilabত সম্পন্ন কৰা হৈছিল। এই গৱেষণাক আধুনিক পদাৰ্থ বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ মাইলষ্টোন হিচাপে গণ্য কৰা হয়।
প্ৰতিবছৰে বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানীসকলক বাছনি কৰি এই বটাঁ প্ৰদান কৰা হয়। ২০১৩ চনত Mark Zuckerberg, Priscilla Chan, Sergey Brin, Yuri Milner আৰু Anne Wojcicki আদিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা “Breakthrough Prize বিশ্বৰ এক গুৰুত্বপূৰ্ণ বিজ্ঞান সন্মান হিচাপে স্বীকৃত। এই সন্মান জীৱবিজ্ঞান, মৌলিক পদাৰ্থ বিজ্ঞান আৰু গণিত ক্ষেত্ৰত বিশেষ অৱদান ৰখা বিজ্ঞানীসকলক প্ৰদান কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া