
শোণিতপুৰ, ২৪ এপ্ৰিল (হি.স.)। ৰঙাপৰাত শিশুক তালিবানী শাস্তি দিয়া অভিযুক্ত ৰাকেশ কুমাৰক আটক ৰঙাপৰা আৰক্ষীৰ৷ শিশু নিৰ্যাতনকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন৷ শোনিতপুৰৰ ৰঙাপৰাত এগৰাকী শিশুক নিৰ্দ্দয়ভাৱে শাস্তি দিয়া অভিযুক্ত ৰাকেশ কুমাৰক অৱশেষত ৰঙাপৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ৰে'ল বিভাগৰ কৰ্মচাৰী তথা ৰে'ল চালক ৰাকেশ কুমাৰে নিজৰ কৰ্তব্য পালন কৰি ৰঙাপৰা জংচনত উপস্থিত হোৱাৰ সময়তে ৰঙাপৰা আৰক্ষীয়ে আটক কৰি থানালৈ আনে।
উল্লেখ্য যে আঠ দিন পূৰ্বে এজন শিশুক চাইকেল চোৰৰ সন্দেহত ৰাকেশ কুমাৰে নিজৰ কোৱাৰ্টাৰত থকা এজোপা বেলগছত দুয়োখন হাত বান্ধি অতি নিৰ্মমভাৱে শাস্তি প্ৰদান কৰিছিল। ৰাকেশ কুমাৰে শিশুটোক প্ৰায় তিনি ঘণ্টা সময় ধৰি গছজোপাত বান্ধি লৈ তালিবানী শাস্তি প্ৰদান কৰাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰেল বিভাগৰ কৰ্ম্মচাৰীৰ কলনীত সংঘটিত হোৱা বৰ্বৰ ঘটনাটোৰ তথ্য পোহৰলৈ আনিছিল সংবাদ মাধ্যমে। ইতিমধ্যে ৰঙাপৰা আৰক্ষীয়ে শিশু নিৰ্য্যাতনকাৰী ৰাকেশ কুমাৰৰ বিৰূদ্ধে ২৫/২৬ নম্বৰত আৰু ভাৰতীয় ন্যায় সংহিতাৰ ১১৭(২)/১২৭(২)/২৯৬ৰ লগতে আৰ ডব্লিউ ৭৫ জে, জে, বি, ধাৰাৰ অধীনত এটি গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে আজি অভিযুক্ত ৰাকেশ কুমাৰক তেজপুৰ জেল হাজোতলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু