দেৰগাঁৱৰ নাৰিকলগুৰিত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত,আহত এজন
গোলাঘাট, ২৪ এপ্ৰিল (হি.স.)। দেৰগাঁৱৰ নাৰিকলগুৰিত পুৱা পুৰণি হিৰ'' ডীলাৰৰ সমীপত সংঘটিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা । উক্ত পথ দুৰ্ঘটনাটোত এজন যুৱকৰ কৰুণ মৃত্যু হৈছে। মৃত যুৱক জনৰ নাম শ্যাম সুন্দৰ পেগু। যুৱক জনৰ ঘৰ দেৰগাঁও পৌৰসভাৰ চাৰি নং ৱাৰ্ডৰ চকিয়াল প্ৰগতি
দেৰগাঁৱৰ নাৰিকলগুৰিত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত,আহত এজন


গোলাঘাট, ২৪ এপ্ৰিল (হি.স.)। দেৰগাঁৱৰ নাৰিকলগুৰিত পুৱা পুৰণি হিৰ' ডীলাৰৰ সমীপত সংঘটিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা । উক্ত পথ দুৰ্ঘটনাটোত এজন যুৱকৰ কৰুণ মৃত্যু হৈছে। মৃত যুৱক জনৰ নাম শ্যাম সুন্দৰ পেগু। যুৱক জনৰ ঘৰ দেৰগাঁও পৌৰসভাৰ চাৰি নং ৱাৰ্ডৰ চকিয়াল প্ৰগতি নগৰৰ। মৃ্ত যুৱকজন আই টি আই ফিটাৰৰ প্ৰশিক্ষন শেষ কৰি নিজ ঘৰতে আছিল। যুৱকজনৰ পিতৃ এজন শিক্ষক।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ লোহাৰ ৰেলিংত প্ৰচণ্ড খুন্দা এখন বাইকৰ। গুৰুতৰভাৱে আহত বাইক আৰোহী জন। সংকটজনক অৱস্থাত স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে আহত বাইক আৰোহী জনক প্ৰেৰণ কৰে চিকিৎসালয়লৈ। বহু সময় ধৰি এম্বুলেন্স অথবা ১০৮ আহি উপস্থিত নোহোৱাত ক্ষোভ স্থানীয় লোকৰ । ৰাইজৰ সন্দেহ নগালেণ্ডৰ পৰা একেলগে তীব্ৰবেগত অহা তিনিখন চুমোৰ প্ৰথমখন চুমোৱে পাছফালৰ পৰা বাইক আৰোহী জনক খুন্দা মৰাৰ ফলতেই উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । আহত যুৱক জনৰ পৰিচয় বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই।

দেৰগাঁও-গোলাঘাট পথটো নতুনকৈ নিৰ্মান হোৱাৰ পিছত ভয়াবহ গতিত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। নগালেণ্ডৰ পৰা তীব্ৰ গতিত আহি থকা টাটা চুমুৱে এই ঘটনা সংঘটিত কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande