
নগাঁও, ২৪ এপ্ৰিল (হি.স.)। সমগ্ৰ দেশ জোকাৰি যোৱা কাৰ্বি ভূমিৰ অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা কৰা হৈছে । বহুচৰ্চিত অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি আজি শুকুৰবাৰে ঘোষণা কৰা হয় । নগাঁও সত্র ন্যায়াধীশৰ আদালতে ২০ জন দোষীক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰাৰ লগতে প্ৰত্যেককে ২০ হাজাৰ টকাৰ জৰিমনা বিহিত কৰে । দীৰ্ঘ আইনী প্ৰক্ৰিয়াৰ অন্তত আদালতে আজি এই গুৰুত্বপূৰ্ণ ৰায় আৰু শাস্তি ঘোষণা কৰে।
ইয়াৰ পূৰ্বে, ২০ এপ্ৰিলত একে আদালতে ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল। উল্লেখযোগ্য যে ২০১৮ চনৰ ৮ জুনত সংঘটিত হৈছিল অসমৰ ইতিহাসৰ অন্যতম নৃশংস এই ঘটনা। কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা দুই যুৱক ক্ৰমে নীলোৎপল দাস আৰু অভিজিৎ নাথ একাংশ উন্মাদ লোকৰ আক্ৰমণৰ বলি হৈছিল। জীৱন ৰক্ষাৰ বাবে চিঞৰি চিঞৰি কাতৰ অনুৰোধ কৰিও উন্মাদ লোকসকলৰ পৰা ৰেহাই পোৱা নাছিল প্ৰতিভাৱান যুৱক দুজনে। উন্মাদ দলটোৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল দুই সুঠাম যুৱকে।
উল্লেখ্য, কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰি গাঁৱত এক উন্মত্ত জনতাই দুই যুৱক অভি আৰু নীলক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল। সেই সময়ত এই ঘটনাই দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল। সুদীৰ্ঘ ৮ বছৰ ধৰি এই হত্যাকাণ্ডৰ গোচৰ চলি আছিল আদালতত। আৰক্ষীয়ে ঘটনাৰ ৪৮ ঘণ্টাৰ পিছতে ৪৮জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল। তাৰ ভিতৰত ৩জন নাবালক হোৱা বাবে ৰেহাই দিয়া হৈছিল। আৰক্ষীয়ে এই ঘটনাৰ এমাহৰ ভিতৰত ৮০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল।
সুদীৰ্ঘ ৮ বছৰ ধৰি গোচৰটোৰ শুনানি চলাৰ পিছত ২০ এপ্ৰিলত আদালতে চূড়ান্ত ৰায় প্ৰদান কৰে। অসমৰ ইতিহাসৰ এই জঘন্য ঘটনাটোৰ সৈতে জড়িত ২০ অভিযুক্তক আজি দোষী সাব্যস্ত কৰে। আন ২৫জনক দোষমুক্ত ঘোষণা কৰে নগাঁও জিলা আৰু ছেছন আদালতে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী