
ডিব্ৰুগড়, ২৪ এপ্ৰিল (হি.স.): দৈনিক বৃদ্ধি পাইছে অসমৰ পৰা বহিঃ ৰাজ্যলৈ কৰ্মসূত্ৰে যোৱা ব্যক্তিৰ মৃত্যুৰ হাৰ। কৰ্মসূত্ৰে গৈ চলন্ত ট্ৰেইনতে মৃত্যুমখত পৰিল নাহৰকটীয়াৰ এজন ব্যক্তিৰ।
জানিব পৰা মতে যোৱা ১৭/৪/২৬ তাৰিখে কৰ্মৰ সন্ধানত চেন্নাইলৈ বুলি ৰাওনা হৈছিল নাহৰকটীয়া আচাবাম চাহ বাগিচাৰ তিনিজন ব্যক্তি । তিনিওজনৰ ভিতৰত জীতেন মূঢ়া নামৰ ব্যক্তি জন হঠাৎ চলন্ত ট্ৰেইনৰ ভিতৰতে অসুস্থ হৈ পৰে। লগৰ দুজন ক্ৰমে মহেন্দ্ৰ টান্দীয়া আৰু সঞ্জীত গঢ়ে ৰে'ল কৰ্তৃপক্ষক যোগাযোগ কৰে যদিও দুৰ্ভাগ্যজনক ভাৱে ১৯/৪/২৬ তাৰিখে মৃত্যু হয় জীতেন মূঢ়াৰ।
আজি তামিলনাডুৰ প্ৰেমবৰ ৰেলৱে ষ্টেচন কৰ্তৃপক্ষ সহযোগত, শ্ৰদ্ধাঞ্জলি প'ৰ্টেলৰ জৰিয়তে স্বগৃহলৈ আনে শ্ৰমিক জীতেন মূঢ়াৰ মৃতদেহ। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী জীতেন মূঢ়াৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলোৱাৰ লগতে শোকত ভাগি পৰিছে তিনি সন্তান আৰু পত্নীগৰাকী ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ