
নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। আম আদমী পাৰ্টিৰ ভিতৰত শুকুৰবাৰে এক বৃহৎ বিভাজনৰ সৃষ্টি হয়। ৰাজ্যসভাৰ সদস্য ৰাঘৱ চাদ্ধাকে ধৰি আপৰ ৭জন সাংসদে বা দুই তৃতীয়াংশই দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত একত্ৰিত হোৱাৰ কথা ঘোষণা কৰে।
দিল্লীৰ কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যসভাৰ সদস্য ৰাঘৱ চাদ্ধা, সন্দীপ পাঠক আৰু অশোক মিত্তলে পদত্যাগ আৰু বিজেপিৰ সৈতে একত্ৰীকৰণৰ কথা ঘোষণা কৰে।
ৰাঘৱ চাদ্ধাই দাবী কৰে যে ৰাজ্যসভাত আপৰ ১০ জন সদস্যৰ ভিতৰত দুই তৃতীয়াংশতকৈ অধিক সদস্যই সন্মতি পত্ৰত স্বাক্ষৰ কৰিছিল। আজি পুৱা সাতজন সদস্যৰ স্বাক্ষৰিত পত্ৰ আৰু নথি-পত্ৰ ৰাজ্যসভাৰ অধ্যক্ষৰ ওচৰত দাখিল কৰা হয়। ইয়াৰে তিনিজন আপোনাৰ সন্মুখত ইয়াত উপস্থিত। হৰভজন সিং, ৰাজিন্দৰ গুপ্তা, বিক্ৰম সাহনী আৰু স্বতী মালিৱালো উপস্থিত আছে।
চাদ্ধাই কয়, বছৰ বছৰ ধৰি আপুনি মোক সুধি আহিছে যে মই আম আদমি পাৰ্টিৰ কাম-কাজত কিয় অংশগ্ৰহণ কৰা নাছিলো আৰু কিয় ইয়াৰ পৰা নিজকে আঁতৰাই ৰখা যেন লাগিছিল। সেই সময়ত মই একো কোৱা নাছিলো আৰু পৰিস্থিতিৰ উন্নতিৰ বাবে অপেক্ষা কৰিছিলো। কিন্তু আজি, মই প্ৰকৃত কাৰণটো প্ৰকাশ কৰিব বিচাৰিছো: মই তেওঁলোকৰ 'অপৰাধ'ৰ সৈতে জড়িত হ'ব বিচৰা নাছিলো।
মই তেওঁলোকৰ বন্ধুত্বৰ যোগ্য নাছিলোঁ কাৰণ মই তেওঁলোকৰ অন্যায় কামত অংশগ্ৰহণ কৰা নাছিলো।
তেওঁ তেজ-ঘামেৰে লালন-পালন কৰা দলটোৱে মূল নীতিৰ পৰা বিচ্যুত হোৱাৰ অভিযোগ উত্থাপন কৰে। এতিয়া, ই ৰাষ্ট্ৰৰ লাভৰ বাবে নহয় ব্যক্তিগত লাভৰ বাবে কাম কৰিছে। যোৱা কেইবছৰমানৰ পৰা মই অনুভৱ কৰি আহিছো যে মই ভুল দলত সঠিক ব্যক্তি, গতিকে আজি মই ঘোষণা কৰিছো যে মই আম আদমি পাৰ্টিৰ পৰা নিজকে আঁতৰাই জনসাধাৰণৰ ওচৰ চাপিছো।
ৰাঘৱ চাদ্ধাৰ দাবী অনুসৰি ৰাজ্যসভাৰ সাতজন সদস্যই বিজেপিত যোগদান কৰাৰ ঘোষণাৰ পাছত এতিয়া আপৰ উচ্চ সদনত মাত্ৰ তিনিজন প্ৰতিনিধি আছে। ইয়াৰ ভিতৰত সঞ্জয় সিং, এন ডি গুপ্তা আৰু বলবীৰ সিং ছিচেৱাল। সূত্ৰ অনুসৰি, ৰাঘৱ চাধা, সন্দীপ সিং, আৰু অশোক মিত্তলে শীঘ্ৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে বৈঠকত মিলিত হৈ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব।
পলায়ন বিৰোধী আইন অনুসৰি কোনো দলৰ দুই তৃতীয়াংশ বা তাতোকৈ অধিক সাংসদ বা বিধায়ক একেলগে দল এৰিলে তেওঁলোকৰ সদস্যপদ বাতিল নহয়। এই বিধান সংবিধানৰ দশম অনুসূচীৰ অন্তৰ্গত। ৰাজ্যসভাত বিজেপিৰ সদস্যৰ সংখ্যা ১০৬। আম আদমী পাৰ্টিৰ ৭ জন সদস্যৰ একত্ৰীকৰণৰ পিছত এই সংখ্যা ১১৩ লৈ বৃদ্ধি পাব।
চলিত মাহৰ ২ এপ্ৰিলত আপে ৰাঘৱ চাধাক ৰাজ্যসভাৰ উপ-নেতা পদৰ পৰা অপসাৰণ কৰি সদনত ভাষণ দিবলৈ বাধা প্ৰদান কৰে। তেওঁৰ ঠাইত দলে সাংসদ অশোক মিত্তলক ৰাজ্যসভাৰ উপ-নেতা হিচাপে নিযুক্তি দিয়ে।
এই কাৰ্যৰ ফলত সৃষ্টি হোৱা ধুমুহাই দলত এক বৃহৎ বিভাজনৰ সৃষ্টি কৰিছে। এই কাৰ্য্যৰ পিছদিনা ৩ এপ্ৰিলত ৰাঘৱ চাধাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে তীব্ৰ সঁহাৰি জনাই কয় যে, মই সদায় সংসদত ৰাজহুৱা বিষয় উত্থাপন কৰি আহিছো। মই চৰকাৰক হেঁচা দিবলৈহে আছো, হুলস্থুল সৃষ্টি কৰিবলৈ নহয়। চলচ্চিত্ৰৰ দৰে শৈলীত তেওঁ কয়, প্ৰতিটো মিছা উন্মোচিত হ'ব কাৰণ মই আঘাতপ্ৰাপ্ত হৈছো, সেয়েহে মাৰাত্মক।২ এপ্ৰিলৰ এই কার্যসূচীৰে আৰম্ভ হোৱা বিতর্ক ২২ দিনৰ ভিতৰতে আপৰ বাবে এক বৃহৎ ৰাজনৈতিক সংকটলৈ পৰিণত হয়৷
ৰাঘৱ চাদ্ধা কোন?
১৯৮৮ চনৰ ১১ নৱেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰিছিল ৰাঘৱ চাদ্ধাই। দিল্লীৰ বাৰাখাম্বা ৰোডৰ মডাৰ্ণ স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ভেংকটেশ্বৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি পৰৱৰ্তী সময়ত ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট ইনষ্টিটিউট (আই চি এ আই)ৰ পৰা চাৰ্টাৰ্ড একাউণ্টেণ্ট (চি এ) হয়।
২০১৩ চনত আন্না আন্দোলনৰ সময়ত অৰবিন্দ কেজৰিৱালক লগ পাইছিল।দলটোৰ যুৱ মুখপাত্ৰ হিচাপে নিযুক্তি লাভ কৰা ৰাঘৱ চাধাই ২০১২ চনত দিল্লী লোকপাল বিধেয়কৰ খচৰা প্ৰস্তুত কৰাত সহায় কৰিছিল আৰু ২০১৩ চনত আম আদমি পাৰ্টিৰ ইস্তাহাৰ দলৰ সদস্য আছিল । তেওঁ দলৰ কোষাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে তেওঁক দক্ষিণ দিল্লী সংসদীয় সমষ্টিৰ পৰা থিয় কৰাইছিল যদিও তেওঁ পৰাস্ত হৈছিল। ইয়াৰ পিছতে ২০২০ চনৰ বিধানসভা নিৰ্বাচনত দিল্লীৰ ৰাজেন্দ্ৰ নগৰৰ আসনত জয়লাভ কৰে। ২০২২ চনত দলটোৱে তেওঁক পঞ্জাৱৰ পৰা ৰাজ্যসভালৈ মনোনীত কৰে। সেই সময়ত ৰাঘৱ চাধাৰ বয়স আছিল ৩৩ বছৰ, তেওঁ আটাইতকৈ কম বয়সীয়া সাংসদ হৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ