ইৰাণৰ পৰা আঁতৰিব আমেৰিকাৰ জাহাজ, শান্তি আলোচনাত আস্থাৰ সংকট; ইজৰাইলৰ আক্ৰমণত নিহত লেবাননৰ সাংবাদিক
ৱাশ্বিংটন/তেহৰাণ, ২৩ এপ্ৰিল (হি.স.)। ইৰাণৰ বন্দৰ অৱৰোধৰ মাজতে আমেৰিকাই এক বৃহৎ ঘোষণা কৰিছে। বুধবাৰে নিশা আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে, অৱৰোধৰ সৈতে জড়িত আৰু দুখন আমেৰিকান সামৰিক জাহাজ আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। এই অৱৰোধৰ অধীনত এতিয়ালৈ
7b1165f28a84a163175d7d85c720c17f_368720816.jpg


6687ab6bf47280607cd9767615e91831_465926489.jpg


ৱাশ্বিংটন/তেহৰাণ, ২৩ এপ্ৰিল (হি.স.)। ইৰাণৰ বন্দৰ অৱৰোধৰ মাজতে আমেৰিকাই এক বৃহৎ ঘোষণা কৰিছে। বুধবাৰে নিশা আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে, অৱৰোধৰ সৈতে জড়িত আৰু দুখন আমেৰিকান সামৰিক জাহাজ আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। এই অৱৰোধৰ অধীনত এতিয়ালৈকে মুঠ ৩১খন জাহাজ আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতি বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছতো ইৰাণে ৰাষ্ট্ৰপতি ট্ৰাম্পক বিশ্বাস নকৰে বুলি উল্লেখ কৰি আলোচনাৰ মেজলৈ ঘূৰি অহা নাই। এই ষ্টেণ্ডঅফৰ মাজতে পাকিস্তানে ইৰাণক বুজাবলৈ চেষ্টা কৰিছে। ইফালে ইজৰাইলৰ আক্ৰমণত নিহত হৈছে এগৰাকী লেবাননৰ মহিলা সাংবাদিক।

আল জাজিৰা আৰু চিবিএছ নিউজৰ বাতৰি অনুসৰি ১৩ এপ্ৰিলৰ পৰা ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ অৱৰোধত ১০ হাজাৰতকৈ অধিক আমেৰিকান সৈন্য, ১৭খন যুদ্ধজাহাজ আৰু ১০০খনতকৈও অধিক বিমান জড়িত হৈ আছে। কমাণ্ডৰ মতে, অৱৰোধৰ অধিকাংশ জাহাজ বৰ্তমান ইৰাণৰ চাবাহাৰ বন্দৰত নিয়োজিত হৈ আছে। ইৰাণৰ জ্যেষ্ঠ বিষয়াসকলে শান্তি আলোচনাত ব্যাঘাত জন্মাবলৈ ৱাশ্বিংটনক দোষাৰোপ কৰি কয় যে ইয়াৰ কাৰণ হৈছে দেশখনৰ বন্দৰসমূহত নৌসেনাৰ অৱৰোধ।

ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে জনোৱা মতে, হৰমুজ জলদ্বীপত দুখন বিদেশী জাহাজ জব্দ কৰি তৃতীয়খন জাহাজত সামুদ্ৰিক নিয়ম উলংঘা কৰাৰ বাবে গুলীচালনা কৰে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কয় যে তেহৰানে “আলোচনা আৰু চুক্তি” কৰিবলৈ ইচ্ছুক, কিন্তু প্ৰতিশ্ৰুতি উলংঘা, অৱৰোধ আৰু ভাবুকি প্ৰকৃত আলোচনাৰ মূল বাধা।

হোৱাইট হাউছৰ মুখপাত্ৰ কেৰ’লিন লেভিটে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধবিৰতি বৃদ্ধিৰ সময়সীমা নিৰ্ধাৰণ কৰা নাই। এই যুদ্ধবিৰতি কেতিয়া শেষ হ’ব সেয়া ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত হ’ব বুলিও তেওঁ কয়। ইফালে সাংবাদিক অমল খলিলক লক্ষ্য কৰি হত্যা কৰাৰ অভিযোগত লেবাননে ইজৰাইলক গৰিহণা দিছে। দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি চুক্তিৰ সময়ত সংঘটিত হৈছে এই ঘটনা।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande