ডিমৰীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত আহত দুজন
গুৱাহাটী, ২৩এপ্ৰিল (হি.স.)। নিশা ডিমৰীয়াৰ টোপাতলীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। উজনিৰ দিশৰ পৰা অহা তীব্ৰবেগী নৈশ বাছে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথৰ কাষত একে দিশতে ৰখাই থোৱা ট্ৰাকত। গুৰুতৰ ভাৱে আহত ট্ৰাক আৰু নৈশ বাছৰ চালক। আহত
ডিমৰীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত আহত দুজন


গুৱাহাটী, ২৩এপ্ৰিল (হি.স.)। নিশা ডিমৰীয়াৰ টোপাতলীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। উজনিৰ দিশৰ পৰা অহা তীব্ৰবেগী নৈশ বাছে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথৰ কাষত একে দিশতে ৰখাই থোৱা ট্ৰাকত। গুৰুতৰ ভাৱে আহত ট্ৰাক আৰু নৈশ বাছৰ চালক। আহত দুই চালক ক্ৰমে দীপ ৰাভা(ট্ৰাক) আৰু চয়ন নাগ(বাছ)।

বহুসময় ধৰি দুই চালক বাহনত আহত অৱস্থাত আৱদ্ধ হৈ থকাৰ অন্তত ক্ষেত্ৰী যানবাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। যোৰহাটৰ পৰা মহানগৰ অভিমুখী নৈশ বাছ খনৰ নম্বৰ এএছ ০১এছচি ৭৯০৫ আৰু ট্ৰাক খনৰ নম্বৰ এএছ ২৫ডিচি ২৪০২।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande