
লছ এঞ্জেলছ, ২৩ এপ্ৰিল (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে লছ এঞ্জেলছ ২০২৮ অলিম্পিক (এল এ ২৮)ৰ বাবে ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ কৰাটোক আদৰণি জনাই এই খেলবিধৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে।
বুধবাৰে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ কাউন্টিৰ প’মোনাৰ ফেয়াৰপ্লেক্স ষ্টেডিয়ামত এক ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত হয়। এই পদক্ষেপে ১২৮ বছৰৰ পাছত ক্ৰিকেটৰ অলিম্পিকলৈ ঘূৰি অহাৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে ।
আই চি চিৰ অধ্যক্ষ জে শ্বাহে এক আনুষ্ঠানিক বিবৃতিত কয় যে ক্ৰিকেট আৰু বিশ্বৰ লাখ লাখ অনুৰাগীৰ বাবে এইটো এটা অতি ৰোমাঞ্চকৰ সময় । তেওঁ লগতে কয় যে ক্ৰিকেটে বিশ্বব্যাপী ক্ৰীড়া হিচাপে নিজৰ মৰ্যাদা অহৰহ শক্তিশালী কৰি আহিছে আৰু অলিম্পিকৰ অংশ হোৱাটো গৌৰৱৰ বিষয় ।
আইচিচিৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জোগ গুপ্তাইও এই পদক্ষেপক “ঐতিহাসিক” বুলি অভিহিত কৰি কয় যে অনাগত বছৰবোৰত বহু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি লাভ কৰিব, যাৰ ফলত ক্ৰিকেটৰ অলিম্পিকলৈ ঘূৰি অহাটো আৰু অধিক বিশেষ হৈ পৰিব। তেওঁ কয় যে অলিম্পিকত অন্তৰ্ভুক্ত হোৱাৰ ফলত এই ক্ৰীড়াই বিশ্বজুৰি নতুন স্বীকৃতি, অধিক প্ৰসাৰ, আৰু অধিক শক্তিশালী সমৰ্থন লাভ কৰিব ।
এল এ ২৮ৰ উপ-সভাপতি (ক্ৰিড়া) নিকোলো কেম্প্ৰিয়ানি, প’মোনাৰ মেয়ৰ টিম চেণ্ডোভাল, লছ এঞ্জেলছত ভাৰতৰ কনছুল জেনেৰেল ড০ কে.জে. শ্ৰীনিবাস, নাইট ৰাইডাৰ্ছ স্প’ৰ্টছৰ চিইঅ’ ভেংকি মহীশূৰ, আৰু ফেয়াৰপ্লেক্সৰ সভাপতি ৱালটাৰ মাৰ্কেজেও এই অনুষ্ঠানত উপস্থিত থাকে ।
বিশেষকৈ আমেৰিকাৰ দৰে নতুন টেৰিটৰীত ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰাটো এই ক্ৰীড়াৰ সম্প্ৰসাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ইয়াৰ ফলত এই ক্ৰীড়াৰ প্ৰতি যুৱক-যুৱতীসকলৰ আগ্ৰহ বৃদ্ধি পাব আৰু বিশ্বব্যাপী অনুৰাগীৰ সংখ্যাও বৃদ্ধি পাব ।
লছ এঞ্জেলছ অলিম্পিক ২০২৮ত পুৰুষ আৰু মহিলা উভয় শাখাত টি-২০ ফৰ্মেটত ক্ৰিকেট খেলা হ’ব, যাৰ ফলত ক্ৰিকেট আৰু অধিক ৰোমাঞ্চকৰ আৰু জনপ্ৰিয় হৈ পৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া