গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত চোৰাং গৰু ভৰ্তি বাহন জব্দ
কোকৰাঝাৰ, ২৩ এপ্ৰিল (হি.স.)। গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আজি পুৱতি নিশা আৰক্ষীৰ অভিযান ।গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া মণ্টুৰাম বৰা আৰু শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিৱ সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ১০ টাকৈ চোৰাং গৰু ভৰ্তি স
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত চোৰাং গৰু ভৰ্তি বাহন জব্দ


কোকৰাঝাৰ, ২৩ এপ্ৰিল (হি.স.)। গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আজি পুৱতি নিশা আৰক্ষীৰ অভিযান ।গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া মণ্টুৰাম বৰা আৰু শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিৱ সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ১০ টাকৈ চোৰাং গৰু ভৰ্তি সহ এখন ডি আই ভান গাড়ী জব্দ কৰিব সক্ষম হয়। পাচলি ভৰ্তি বস্তাৰ তলত লুকাই আনিছিল দহটাকৈ গৰু ।

গৰু সৰবৰাহ কৰা গাড়ীৰ নম্বৰ আছিল এএছ ১৯এচি ৯২৩২ ।গাড়ীৰ চালকে মানিক ঢাবাত গাড়ি খন ৰখাই চালকে পলাই পত্ৰং দিয়ে বুলি মহকুমা আৰক্ষী বিষয়া মণ্টুৰাম বৰাই সংবাদ মাধ্য়মক জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande