
নতুন দিল্লী, ২৩ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত লাও পিডিআৰ, কংগো, নামিবিয়া আৰু গিনি-বিছাউৰ ৰাষ্ট্ৰদূতৰ পৰা পৰিচয়পত্ৰ গ্ৰহণ কৰে।
ৰাষ্ট্ৰপতিৰ সচিবালয়ৰ মতে, পৰিচয়পত্ৰ দাখিল কৰাসকলৰ ভিতৰত আছিল লাও পিপলছ ডেম’ক্ৰেটিক ৰিপাব্লিকৰ ৰাষ্ট্ৰদূত ভিথায়া ছায়াভং, কংগো গণতান্ত্ৰিক গণৰাজ্যৰ ৰাষ্ট্ৰদূত এমিলি আয়াজা মুশ্বোবেকৱা, নামিবিয়া গণৰাজ্যৰ উচ্চায়ুক্ত (হাইকমিশ্যনা)ৰ উইং কমাণ্ডাৰ এলেক্স লুনিয়াঝো টুকুহুপৱেলে (অৱসৰপ্ৰাপ্ত) আৰু গিনি-বিচাউ গণৰাজ্যৰ ৰাষ্ট্ৰদূত এণ্টনিঅ’ চেৰিফো এম্বালো ।
हिन्दुस्थान समाचार / অৰৱিন্দ