
ইছলামাবাদ, ২৩ এপ্ৰিল (হি.স.)। পাকিস্তানৰ দক্ষিণ-পশ্চিম বেলুচিস্তান প্ৰদেশত তাম আৰু সোণ খনন প্ৰকল্পৰ ওপৰত এটা সশস্ত্ৰ সংগঠনৰ আক্ৰমণত কমেও ১০ জন লোক নিহত হয়। এই অঞ্চলটো স্বাধীনতা সমৰ্থক আন্দোলনৰ দুৰ্গ, য’ত বেলুচিস্তান লিবাৰেচন আৰ্মী (বিএলএ)ৰ বিদ্ৰোহীয়ে পাকিস্তানক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনাই আহিছে। এই আক্ৰমণৰ দায়িত্ব এতিয়াও কোনেও স্বীকাৰ কৰা নাই।
দ্য বেলুচিস্তান পোষ্ট আৰু ৰাজধানীৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, বুধবাৰে সন্ধিয়া প্ৰায় ৫:৪৫ বজাত সংঘটিত হোৱা এই ঘটনাৰ বিষয়ে বিষয়াসকলে প্ৰকাশ কৰে।
জানিব পৰা মতে, চাগাই জিলাৰ দাৰীগৱান অঞ্চলত থকা পাকিস্তানী কোম্পানী নেশ্যনেল ৰিচ’ৰ্ছ প্ৰাইভেট লিমিটেড (এন আৰ এল)ৰ খনন প্ৰকল্পস্থলীত মটৰ চাইকেল আৰু অন্যান্য বাহনত অহা প্ৰায় ৪০ জন অস্ত্ৰধাৰীয়ে গুলীচালনা কৰে। নিহতসকলৰ ভিতৰত আছে ৭ জন খনিকৰ আৰু তিনিজন নিৰাপত্তাৰক্ষী। একাংশ কৰ্মচাৰীক পণবন্দী কৰি লৈছিল।
বিষয়াসকলৰ মতে, এন আৰ এলে গভীৰ নিশা এই আক্ৰমণৰ খবৰ দিয়ে। নিৰাপত্তাৰক্ষী আহি উপস্থিত হৈ অঞ্চলটো ঘেৰাও কৰে। এতিয়ালৈকে কোনো গোটে দায়িত্ব স্বীকাৰ কৰা নাই। দলবন্দিনৰ প্ৰিন্স ফাহদ হাস্পতাললৈ লৈ যোৱা হৈছে এজন বিদেশীকে ধৰি ৯টা মৃতদেহ। কুৱেটাত পঞ্জীয়নভুক্ত এই কোম্পানীটো ফাটিমা ফাৰ্টিলাইজাৰ, লিবাৰ্টি মিলছ, আৰু লাকী চিমেণ্টৰ যৌথ উদ্যোগ।
কোম্পানীটোৰ ৱেবছাইট অনুসৰি বেলুচিস্তানৰ প্ৰায় ৫০০ বৰ্গ কিলোমিটাৰ এলেকাত সোণ আৰু তাম খননৰ অনুজ্ঞাপত্ৰ আছে।
একাংশ সূত্ৰই জনোৱা মতে, এই আক্ৰমণত পাকিস্তান সেনাৰ ফ্ৰন্টিয়াৰ কৰ্পছৰ (এফ চি) তিনিজন জোৱানও নিহত হৈছে। আক্রমণকাৰীয়ে কোম্পানীটোৰ ড্ৰিলিং মেচিন আৰু অন্যান্য গধুৰ সা-সঁজুলিত জুই লগাই ধ্বংস কৰে।
ইফালে, বেলুচিস্তানৰ নুস্কিৰ সমীপৰ মাষ্টুঙৰ গুৰগিনা অঞ্চলত পাকিস্তান সেনাৰ শিবিৰত ড্ৰ’ন আক্ৰমণৰ বাতৰি পোৱা গৈছে। এই আক্ৰমণত কেইবাজনো জোৱান নিহত হোৱাৰ আশংকা কৰা হৈছে। বিষয়াসকলে এতিয়াও কোনো সবিশেষ প্ৰকাশ কৰা নাই। ইয়াৰ পূৰ্বে বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে মাষ্টুং আৰু কালাটত পাকিস্তান সেনাৰ শিবিৰত ড্ৰ’ন আক্ৰমণ চলাইছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ