
কাঠমাণ্ডু, ২৩ এপ্ৰিল (হি.স.)। নেপালৰ প্ৰসিদ্ধ তীৰ্থস্থান স্বৰ্গদ্বাৰী মন্দিৰত ভাৰতীয় তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন জীপ দুৰ্ঘটনাগ্ৰস্ত হৈ এটা শিশুৰ মৃত্যু হোৱাৰ লগতে ২১ জন তীৰ্থযাত্ৰী আহত হয়।
আৰক্ষীয়ে জনোৱা মতে, ভিংৰিৰ পৰা স্বৰ্গদ্বাৰী মন্দিৰলৈ গৈ থকা লু ১ জে ৩১৭৫ নম্বৰৰ মুস্তাংগ জীপখন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ৫টা শিশুসহ ২১ জন লোক আহত হয়। আহতসকলৰ ভিতৰত দহজনক উন্নত চিকিৎসাৰ বাবে বুটৱালৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মৃত শিশুটি এতিয়াও চিনাক্ত হোৱা নাই।
জানিব পৰা মতে, পথৰ পৰা প্ৰায় ২৫ৰ পৰা ৩০ মিটাৰ তললৈ জীপখন বাগৰি পৰে। আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত আহতসকলক প্ৰাথমিক চিকিৎসাৰ বাবে ভিংৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ