
অল্লু অৰ্জুনৰ বহু প্ৰত্যাশিত ছবি ‘ৰাকা’ ঘোষণাৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ দ্বিতীয়বাৰৰ গৰ্ভধাৰণৰ বাবে দীপিকা পাডুকনৰ ছবিখনত ভূমিকা হ্ৰাস পোৱাৰ খবৰ ওলাইছে। অৱশ্যে ছবিখনৰ প্ৰযোজকসকলে এতিয়া এই জল্পনা-কল্পনাসমূহ সম্পূৰ্ণৰূপে খাৰিজ কৰি স্পষ্ট কৰি দিছে যে অভিনেত্ৰীগৰাকীয়ে ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে আৰু পৰিকল্পনা অনুসৰি শ্বুটিং অব্যাহত আছে।
প্ৰযোজকসকলে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, সকলো পৰিকল্পনা অনুসৰি চলি আছে। 'ৰাকা'ত দীপিকা পাডুকনে মূল ভূমিকা পালন কৰিছে আৰু শ্বুটিং অতি উৎসাহেৰে সুচাৰুৰূপে আগবাঢ়িছে। ১৯ এপ্ৰিলত স্বামী ৰণবীৰ সিঙৰ সৈতে দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণৰ কথা ঘোষণা কৰা দীপিকাই তেওঁৰ চলচ্চিত্ৰ প্ৰকল্প সন্দৰ্ভত অসংখ্য জল্পনা-কল্পনাৰ সৃষ্টি কৰে।
খবৰ অনুসৰি দীপিকাক ৰাকাত কিছুমান শক্তিশালী একচন ছিকুৱেন্সতো দেখা যাব, যাৰ বাবে শ্বুটিংৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰা হৈছে। এটলীয়ে পৰিচালনা কৰা এই ছবিখন গ্ৰেণ্ড স্কেলত নিৰ্মাণ কৰা হৈছে। ৰাকাৰ উপৰিও দীপিকাক শীঘ্ৰে শ্বাহৰুখ খানৰ সৈতে ৰজা ছবিত দেখা যাব, যিয়ে ইতিমধ্যে দৰ্শকৰ মাজত উল্লেখযোগ্য উত্তেজনাৰ সৃষ্টি কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া