
নগাঁও, ২৩ এপ্ৰিল (হি.স.)। বিগত চাৰিদিন ধৰি সন্ধানহীন হৈ আছে কলিয়াবৰৰ হাতীবন্ধাৰ এজন ১৬ বছৰীয়া ছাত্ৰ। যোৱা দেওবাৰে পুৱা কিতাপ কিনিবলৈ বুলি আমবাগানলৈ ওলাই গৈছিল ছাত্ৰজন। কিন্তু তাৰ পিছৰে পৰা নিখোজ হৈ আছে কলিয়াবৰৰ হাতীবন্ধাৰ দুলাল চক্ৰৱৰ্তীৰ একমাত্ৰ পুত্ৰ দীপ চক্ৰৱৰ্তী। দশম শ্ৰেণীত অধ্যয়নৰত মেধাৱী ছাত্ৰ জনৰ নিৰুদ্দেশত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ।
ছাত্ৰ জনৰ নিৰুদ্দেশ সন্দৰ্ভত উলুৱনী থানাত অৱগত কৰাৰ লগতে পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খোচাৰ আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসুত্ৰ ওলোৱা নাই। দেওবাৰে পুৱা আমবাগানৰ এখন কিতাপ দোকানলৈ গৈছিল যদিও কিতাপ নাপায় ছাত্ৰজন লগৰীয়াৰ লগত অন্য ঠাইলৈ যোৱাৰ কথা নিশ্চিত কৰা হৈছে। ছাত্ৰজনৰ হাতত থকা ৯৯৫৭৭১২১৩২ নম্বৰৰ ম'বাইল ফোনটো বৰ্তমান ছুইটছ্ অফ হৈ আছে।
ইফালে একে দিনাৰ পৰাই আমবাগানৰ পৰা আন এজন ছাত্ৰও সন্ধানহীন হৈ থকা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। দুয়োজন ছাত্ৰ কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। ছাত্ৰজনৰ কিবা সম্ভেদ পালে ৯৯৫৪২১২৫২৬, অথবা ৯৩৯৫৯১০৮২৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা