হিট এণ্ড ৰানৰ ঘটনাত জৰিত শ্ৰীভূমিৰ দণ্ডাধীশক আটক আৰক্ষীৰ
শ্ৰীভূমি, ২৩ এপ্ৰিল (হি.স.)। শ্ৰীভূমি চহৰত চিনেমাৰ কায়দাৰে হিট এণ্ড ৰানৰ ঘটনা । চহৰৰ মেইন ৰোড''ত দণ্ডাধীশ''ৰ বাহনৰ তাণ্ডৱ । কেইবাখনো বাহন মহতিয়াই গাড়ী লৈ পলায়ন দণ্ডাধীশ শান্তনু শৰ্মাৰ । এএছ ০১ডিএন ৭৫৯৪ নম্বৰৰ ৱেগনাৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে
হিট এণ্ড ৰানৰ ঘটনাত জৰিত শ্ৰীভূমিৰ দণ্ডাধীশক আটক আৰক্ষীৰ


শ্ৰীভূমি, ২৩ এপ্ৰিল (হি.স.)। শ্ৰীভূমি চহৰত চিনেমাৰ কায়দাৰে হিট এণ্ড ৰানৰ ঘটনা । চহৰৰ মেইন ৰোড'ত দণ্ডাধীশ'ৰ বাহনৰ তাণ্ডৱ । কেইবাখনো বাহন মহতিয়াই গাড়ী লৈ পলায়ন দণ্ডাধীশ শান্তনু শৰ্মাৰ । এএছ ০১ডিএন ৭৫৯৪ নম্বৰৰ ৱেগনাৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছে দুজন লোক। আহত অজিত ধৰ আৰু অনুপ কুমাৰ চক্ৰৱৰ্তী'ক ভৰ্তি কৰোৱা হৈছে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ।

নিজে চালকৰ আসনত বহি থকা শান্তনু শৰ্মাৰ বাহনে এখন অটো ৰিক্সা, এখন ই ৰিক্সা আৰু এখন স্কুটিত খুন্দা মাৰে । ঘটনা সংঘটিত কৰি বাহন লৈ জিলাধিপতিৰ কাৰ্যালয়ৰ সম্মুখলৈ পলায়ন কৰে শান্তনু শৰ্মাই । পিছে সেই ঠাইৰ পৰা আৰক্ষীয়ে শান্তনু শৰ্মা'ক আটক কৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষক'ৰ কাৰ্যালয়ত লৈ যায়। অন্যহাতে ঘাতক বাহন খন আৰক্ষীয়ে থানালৈ লৈ যায়। উল্লেখযোগ্য যে, শান্তনু শৰ্মা হৈছে শ্ৰীভূমি মহকুমা ন্য়ায়িক দণ্ডাধীশ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande