অসমৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ২৮ তাৰিখে
গুৱাহাটী, ২৩ এপ্ৰিল (হি.স.)। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পৰিছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নিজৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ঘোষণা কৰে ফলাফল ঘোষণাৰ তাৰিখ। ঘোষণা অনুসৰি অহা ২৮ এপ্ৰি
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा पोस्ट।


গুৱাহাটী, ২৩ এপ্ৰিল (হি.স.)। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পৰিছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নিজৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ঘোষণা কৰে ফলাফল ঘোষণাৰ তাৰিখ।

ঘোষণা অনুসৰি অহা ২৮ এপ্ৰিলত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। এই ঘোষণাই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত দীৰ্ঘদিনীয়া অনিশ্চয়তাৰ অন্ত পেলায়।

উল্লেখযোগ্য যে শিক্ষামন্ত্রী ড০ ৰানোজ পেগুৱে পূর্বে উল্লেখ কৰিছিল যে ২১ এপ্রিলৰ পাছত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ৷

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande