অসমত পুনৰ বৃদ্ধি কণীৰ দাম, প্ৰতি প্লেটত বাঢ়িল ₹৩০ টকা
গুৱাহাটী, ২৩ এপ্ৰিল (হি.স.)। ৰাজ্যত কণীৰ দাম পুনৰ বৃদ্ধি পোৱাৰ ফলত গ্ৰাহকৰ ওপৰত অতিৰিক্ত বোজা পৰাৰ সম্ভাৱনা আছে। বজাৰৰ সূত্ৰ অনুসৰি প্ৰতিখন প্লেটত কণীৰ মূল্য পূৰ্বে ১৭০ ₹ আছিল, এতিয়া ২০০ ₹লৈ বৃদ্ধি পাইছে। একেদৰে পূৰ্বে ১১৫০ ₹ৰ এটা কণীৰ কাৰ্টনৰ দাম
अंडा Egg


গুৱাহাটী, ২৩ এপ্ৰিল (হি.স.)। ৰাজ্যত কণীৰ দাম পুনৰ বৃদ্ধি পোৱাৰ ফলত গ্ৰাহকৰ ওপৰত অতিৰিক্ত বোজা পৰাৰ সম্ভাৱনা আছে। বজাৰৰ সূত্ৰ অনুসৰি প্ৰতিখন প্লেটত কণীৰ মূল্য পূৰ্বে ১৭০ ₹ আছিল, এতিয়া ২০০ ₹লৈ বৃদ্ধি পাইছে। একেদৰে পূৰ্বে ১১৫০ ₹ৰ এটা কণীৰ কাৰ্টনৰ দাম এতিয়া ১২০০ ₹লৈ বৃদ্ধি পাইছে।

ব্যৱসায়ীসকলে কয় যে এই বৃদ্ধিৰ কাৰণ হৈছে অন্য ৰাজ্যৰ পৰা আমদানি কৰা কণীৰ মূল্য বৃদ্ধি। আন ৰাজ্যত উৎপাদন হ্ৰাস পোৱাৰ ফলত যোগানত প্ৰভাৱ পৰিছে, যাৰ ফলত মূল্যবৃদ্ধি হৈছে। কণীৰ এই মূল্যবৃদ্ধিয়ে কেৱল সাধাৰণ মানুহৰ বাজেটতে নহয়, কণী ভিত্তিক খাদ্য ব্যৱসায়তো প্ৰভাৱ পেলাব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande