
ধুবুৰী, ২৩ এপ্ৰিল (হি.স.)। ধুবুৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান নাহাটা কুৱালিটী ষ্টোৰৰ স্বত্বাধিকাৰী ৰমেশ সঞ্চিতিৰ আত্মহত্যা। আজি পুৱাৰ ভাগত প্ৰতিষ্ঠানটোৰ বিল্ডিং ৰ ছাদৰ ওপৰত গৈ ৰমেশ সঞ্চিতিয়ে ছুৰিৰে নিজৰ গল কাটি আত্মহত্যা কৰে। আত্মহত্যাৰ পূৰ্বে নিজৰ ফেচবুকত পোষ্ট কৰে ৰমেশ সঞ্চিতিয়ে।
মাই লাষ্ট লেটাৰ বুলি লিখা সেই পোষ্টটোত তেওঁৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয় বুলি উল্লেখ কৰে। ফেচবুক পোষ্ট চাই ৰমেশৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লোকে খা-খবৰ কৰি প্ৰতিষ্ঠানটোৰ চাদৰ ওপৰত ৰমেশক পৰি থকা প্ৰত্যক্ষ কৰে।
লগে লগে স্থানীয় ৰাইজে তেওঁক ধুবুৰী মেডিকেল কলেজলৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা