
নগাঁও, ২৩ এপ্ৰিল (হি.স.)। নগাঁও জিলাৰ চামগুৰিৰ আমনিত আজি পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী চুপাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় দুজন লোক, ইয়াৰে এজন শিশু বুলি জানিব পৰা গৈছে ।
আহত লোক দুজনে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ ধৰোঁতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুয়োকে অতি সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চুপাৰখনে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু