ডেম’ক্ৰেট শ্বিলা চেৰফিলাছ-মেককৰ্মিকৰ প্ৰতিনিধি সদনৰ পৰা পদত্যাগ
ৱাশ্বিংটন, ২২ এপ্ৰিল (হি.স.)। আমেৰিকাত ইৰাণ যুদ্ধক লৈ সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে ডেম’ক্ৰেট শ্বিলা চেৰফিলাছ-মেককৰ্মিকে কংগ্ৰেছৰ নিম্ন সদনৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ পৰা পদত্যাগ কৰিছে । প্ৰচাৰৰ ধন সংগ্ৰহৰ আইন উলংঘা কৰাকে ধৰি ২০টাতকৈও অধিক নৈতিকতা নি
डेमोक्रेट शीला चेरफिलस-मैककॉर्मिक का प्रतिनिधि सभा से इस्तीफा


ৱাশ্বিংটন, ২২ এপ্ৰিল (হি.স.)। আমেৰিকাত ইৰাণ যুদ্ধক লৈ সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে ডেম’ক্ৰেট শ্বিলা চেৰফিলাছ-মেককৰ্মিকে কংগ্ৰেছৰ নিম্ন সদনৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ পৰা পদত্যাগ কৰিছে । প্ৰচাৰৰ ধন সংগ্ৰহৰ আইন উলংঘা কৰাকে ধৰি ২০টাতকৈও অধিক নৈতিকতা নিয়ম উলংঘা কৰা বুলি তদন্তত প্ৰকাশ পোৱাৰ পিছতে তেওঁৰ পদত্যাগ। চেৰফিলাছ-মেককৰ্মিকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে যে তেওঁ নিজৰ অভিযানৰ বাবে আমেৰিকাৰ দুৰ্যোগ সাহায্যৰ ধন অবৈধভাৱে ব্যৱহাৰ কৰিছিল আৰু এই ধনেৰে দামী সামগ্ৰী ক্ৰয় কৰিছিল, য’ত আছিল ১০৯,০০০ ডলাৰ (৮১,৬৬০ পাউণ্ড) মূল্যৰ তিনি কেৰেটৰ হালধীয়া হীৰা আঙঠি ।

আমেৰিকাৰ অনলাইন নিউজ প্লেটফৰ্ম এক্সিয়াছৰ এক প্ৰতিবেদন অনুসৰি, অসৎ আচৰণৰ অভিযোগ আৰু আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ পৰা বহিষ্কাৰ কৰাৰ ভোটৰ সন্মুখীন হৈ এসপ্তাহৰ ভিতৰত পদত্যাগ কৰা কংগ্ৰেছৰ তৃতীয়গৰাকী সদস্য হিচাপে পৰিগণিত হৈছে। অভিযোগ অস্বীকাৰ কৰি নিজকে দোষমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে ছানীয়ে। কংগ্ৰেছী মহিলাগৰাকীয়ে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে পদত্যাগ ঘোষণা কৰে। কংগ্ৰেছৰ নৈতিকতাৰ তদন্তক তেওঁ “প্ৰতিশোধৰ কাৰ্য্য” বুলি অভিহিত কৰে । ২০২২ চনত কংগ্ৰেছলৈ নিৰ্বাচিত হৈছিল চেৰফিলাছ-মেককৰ্মিক।

এই বিষয়ত চেৰফিলাছ-মেককৰ্মিক সহযোগী হাউছ ডেম’ক্ৰেটৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁৰ পূৰ্বে পদত্যাগ কৰাসকলৰ ভিতৰত আছে প্ৰতিনিধি এৰিক শ্বৱালৱেল আৰু টনি গনজালেছ। চেৰফিলাছ-মেককৰ্মিকে এক বিবৃতিত কয় যে, “এই ৰাজনৈতিক খেলসমূহত লিপ্ত হোৱাতকৈ মই পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো যাতে মই ফ্ল’ৰিডাৰ ২০ নং জিলাত মোৰ ওচৰ-চুবুৰীয়াৰ বাবে যুঁজিবলৈ মোৰ সময় উচৰ্গা কৰিব পাৰো।”

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande