ৰঙিয়াৰ এগৰাকী মহিলাৰ প্ৰশংসনীয় পদক্ষেপ-যাতায়তৰ বাবে মাটি দান
ৰঙিয়াৰ এগৰাকী মহিলাৰ প্ৰশংসনীয় পদক্ষেপ।
ৰঙিয়াৰ এগৰাকী মহিলাৰ প্ৰশংসনীয় পদক্ষেপ-যাতায়তৰ বাবে মাটি দান


কামৰূপ, ২২ এপ্ৰিল (হি.স.): স্বামীৰ নামত ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে দান কৰিলে এডখৰা মাটি। ৰঙিয়াৰ উদীয়মান যুৱক তথা বিশিষ্ট ব্যৱসায়ী সপোন শৰ্মাৰ অশেষ প্ৰচেষ্টাত নৱনিৰ্মিত পথটোৰ নামাকৰণ কৰা হ'ল মহিলাগৰাকীৰ প্ৰঁয়াত স্বামী কমলেশ্বৰ শৰ্মা উপ পথ ১ হিচাপে।ৰঙিয়া চেপ্তিস্থিত মোডী ফিল্ডৰ গাতে লাগি থকা নৱনিৰ্মিত এই পথটিৰ পৰা যাতায়তৰ ক্ষেত্ৰত ৰাইজ যথেষ্ট উপকৃত হোৱাৰ লগতে এই অঞ্চলৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হোৱা বুলি মত প্ৰকাশ কৰে ৰঙিয়াৰ উদীয়মান যুৱক তথা বিশিষ্ট ব্যৱসায়ী সপোন শৰ্মাই।

অনুষ্ঠানৰ আৰম্ভণিতে ৰঙিয়াৰ বহুকেইজন বিশিষ্ট ব্যক্তিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।ইয়াৰ পিছতে নৱনিৰ্মিত এই পথটি আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰে প্ৰাক্তন শিক্ষয়িত্ৰী সত্যপ্ৰভা দেৱীয়ে। প্ৰাক্তন শিক্ষয়িত্ৰী সত্যপ্ৰভা দেৱীৰ এই মহানুভৱতা তথা কৰ্মৰাজিক লৈ এতিয়া যথেষ্ট চৰ্চা হৈছে ৰঙিয়াৰ সচেতন মহলত লগতে তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছে সকলোৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande